মৰাণ, 23 জুলাই :দেশে স্বাধীনতা লাভ কৰাৰ 74 বছৰ হ'ল যদিও ডিব্ৰুগড় জিলাৰ বহু ঠাইত আজিও বুঢ়ীদিহিং নৈৰ (Burhidehing River) ওপৰত নাঁৱেৰে বিপদসংকুল ভাৱে যাত্ৰা কৰি আহিছে ৰাইজে । ডিব্ৰুগড় জিলাৰ এটা গুৰুত্বপূৰ্ণ নদীৰ ঘাট হ'ল টিংৰাই কৈৱৰ্ত্ত আৰু চাচনী পানধোৱা পাৰ ঘাট। সেই ঘাটেদি বিপদসংকুল ভাৱে বিগত বহু বছৰ ধৰি চলি আহিছে যাত্ৰীৰ আহ-যাহ।
নদীখন পাৰ কৰাই দিয়া মেছিন চালিত নাঁৱত প্ৰয়োজনীয় ইঞ্জিনৰ লগতে উপলব্ধ নাই লাইফ জেকেট ইফালে তিনি বছৰযোৰা হোৱা নাই ঘাটটোৰ চৰকাৰী নিবিদাও। বৃহত্তৰ চাচনী মৌজা আৰু টেঙাখাট উন্নয়ন খণ্ডৰ নদীপৰীয়া ৰাইজে যাতায়তৰ বাবে ব্যৱহাৰ কৰা এই ঘাটটোৰ নিবিদা প্ৰক্ৰিয়া জয়পুৰ আৰু টেঙাখাট উন্নয়ন খণ্ডই এবছৰৰ মূৰে মূৰে আহ্বান কৰে ৷ কিন্তু বিগত তিনি বছৰে ইয়াত হোৱা নাই কোনোধৰণৰ নিবিদা ৷ ৰাজ্যৰ নদী পৰিবহন ব্যৱস্থাক তথৈবচ প্ৰমাণিত কৰি পানধোৱা ঘাটত নিতৌ চলি আছে দুখনকৈ জৰাজীৰ্ণ নাঁও ।
এফালে যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা আৰু আনফালে চৰকাৰীভাৱে ৰাজহ সংগ্ৰহৰ বাট বন্ধ হৈ থকা কোনোটোৱেই যেন সংশ্লিষ্ট কৰ্তৃপক্ষৰ চকুত পৰা নাই। তথাপিও এই নদীৰ ঘাটেদি যাতায়ত কৰিছে ৰাইজে । কেৱল এটাই আশা অতি সোনকালেই ইয়াত নিৰ্মাণ হ’ব এখন পকী দলং ।