টিংখাং,2 আগষ্ট: এসময়ত ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ এক পৰিচিত নাম আছিল বিষ্ণু ছেত্ৰী ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বাইলুংভেটি গাঁৱৰ বাসিন্দা এইগৰাকী ব্যক্তিয়ে পোনপ্ৰথমে ভৰি থৈছিল নৃত্য জগতত ৷ নৃত্যৰে জগত জিনাৰ সপোন দেখা যুৱকগৰাকীৰ জীৱনলৈ নামি আহে অমানিশা ৷ এক জটিল স্নায়ু ৰোগত আক্ৰান্ত বিষ্ণুৱে আকস্মিকভাৱে হেৰুৱাই পেলায় দুভৰিৰ শক্তি ৷ বিগত প্ৰায় এবছৰে শয্যাশায়ী হৈ ৰৈছে প্ৰতিভাৱান যুৱ শিল্পী গৰাকী ৷ মুম্বাইত বিশেষভাৱে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি বিগত প্ৰায় ১৫ টা বছৰে ৰাজ্যত নৃত্য শিল্পৰ সৈতে জড়িত হৈ থকা বিষ্ণু আজি অৱশ-ক্লান্ত ৷
বিগত সময়ছোৱাত টিংখাং অঞ্চলত আধুনিক নৃত্য প্ৰশিক্ষক হিচাপে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা যুৱকগৰাকীয়ে নিজাববীয়া প্ৰচেষ্টাত গঢ়ি তুলিছিল জোনাক কলা কেন্দ্ৰ নামৰ নৃত্যৰ এক অনুষ্ঠান ৷ উক্ত অনুষ্ঠানৰ জৰিয়তে প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীক নৃত্য প্ৰশিক্ষণ প্ৰদানৰ লগতে স্থানীয় কেইবাখনো বিদ্যালয়ৰ নৃত্য শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল ৷ তদুপৰি কেইবাটাও জনপ্ৰিয় ভিচিডি গীতৰ কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰা বিষ্ণুৱে ৰাজ্যৰ উপৰিও বহিঃৰাজ্যতো নৃত্যৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল ৷