মৰাণ, 24 আগষ্টঃ পথ নহয় যেন বোকাময় পথাৰহে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহজিলা ডিব্ৰুগড়ত পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। মৰাণৰ খোৱাঙৰ হালধিবাৰী মইনা গাঁৱলৈ যোৱা মূলপথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে গাঁওখনলৈ নাযায় জৰুৰীকালীন সেৱাৰ বাহন। বিপদৰ সময়ত ৰোগীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ মাতিলেও গাঁৱৰ ভিতৰলৈ নোসোমায় । দেওবাৰে গাঁৱৰ পৰা ২কি:মি: দূৰত ৰৈ থকা এম্বুলেঞ্চৰ ওচৰলৈ খোজকাঢ়ি যাবলগীয়া হ'ল ক'ৰোনা আক্ৰান্ত ৰোগী। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এম্বুলেঞ্চখন গাঁৱত সোমাব পৰা নাছিল । ক'ৰোনা আক্ৰান্ত ৰোগী ক'ভিড কেয়াৰ চেণ্টাৰলৈ নিবলৈ আহি বিপাঙত পৰিল স্বাস্থ্যকৰ্মী। বোকাময় পথেৰে পি পি ই কিট পিন্ধি খোজকাঢ়ি যাবও পৰা নাছিল স্বাস্থ্যকৰ্মী। উপায়ন্তৰ হৈ অৱশেষত ক'ৰোনা আক্ৰান্ত মহিলাগৰাকীয়ে ২কি:মি: খোজকাঢ়ি গৈ এম্বুলেঞ্চৰ ওচৰলৈ যায়।
মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক - বিধ্বস্ত পথ
মৰাণৰ খোৱাঙত পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে ৰাইজক। বিধ্বস্ত বোকাময় পথেৰে গাঁৱলৈ নোসোমায় এম্বুলেঞ্চ। ২কি:মি: দূৰত থকা এম্বুলেঞ্চৰ ওচৰলৈ খোজকাঢ়ি গ'ল ক'ৰোনা আক্ৰান্ত ৰোগী।
![মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক মৰাণৰ খোৱাঙত বিধ্বস্ত পথে দুৰ্ভোগ ভোগাইছে ৰাইজক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8538264-677-8538264-1598265576878.jpg)
মৰাণৰ খোৱাঙত বিধ্বস্ত পথে দুৰ্ভোগ ভোগাইছে ৰাইজক
এই ঘটনাৰ পিছতে স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে গাঁওবাসী । বিজেপি চৰকাৰে মৰাণ সমষ্টিত কেৱল আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰিছে বুলি তীব্ৰ সমালোচনা কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই। মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথৰ এনে দুৰৱস্থাই উন্নয়ণৰ ফোপোলা স্বৰূপ উদঙাইছে। আনহাতে পথটো মেৰামতি কৰিবলৈ বিধায়ক চক্ৰধৰ গগৈক বাৰম্বাৰ আহ্বান জনাই আজি পৰ্যন্ত সুফল পোৱা নাই স্থানীয় ৰাইজে।