মৰাণ, ৭ ফেব্ৰুৱাৰী: তেল আৰু প্ৰাকৃতিক গেছ সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ আৰু স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে দেওবাৰে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএলৰ উদ্যোগত ডিব্ৰুগড়ত এক চাইকেল ৰেলী অনুষ্ঠিত হয় ৷ চৌকিডিঙ্গী খেলপথাৰৰ পৰা আৰম্ভ হোৱা সজাগতামূলক চাইকেল ৰেলী ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু বি চি পি এলৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকাই শুভাৰম্ভ কৰে ৷
ডিব্ৰুগড়ত সজাগতামূলক চাইকেল ৰেলী - As10031
প্ৰকৃতি সংৰক্ষণ আৰু স্বাস্থ্য়ৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্য়ে ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন কৰা হয় ।
ডিব্ৰুগড়ত সজাগতামূলক চাইকেল ৰেলী
'সেউজ আৰু পৰিষ্কাৰ শক্তিৰ বাবে চাইকেল চলাও আহক' শীৰ্ষক থীম লৈ আয়োজন কৰা চাইকেল ৰেলী চৌকিডিঙ্গী খেলপথাৰৰ পৰা আৰম্ভ হৈ লেপেটকতা বিচিপিএলত অন্ত পৰে ৷ এই চাইকেল ৰেলীৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি হ'ব বুলি আশাবাদী আয়োজকসকল । উল্লেখ যে জিলাখনৰ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে ৰেলীত । ইফালে অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে বিচিপিএলৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক:অসমত অসমীয়া ভাষাত আৰম্ভ হব মেডিকেল কলেজৰ পাঠ্যক্ৰম