অসম

assam

By

Published : Mar 22, 2021, 7:40 PM IST

ETV Bharat / state

চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ

ভোটদান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে সোমবাৰে ডিব্ৰুগড়ত চাইকেল ৰেলী উলিয়ালে জিলা প্ৰশাসনে । চৌকিডিঙি খেলপথাৰৰ পৰা সজাগতামূলক চাইকেল ৰেলীটো বাহিৰ কৰা হয় ।

ভোটাৰক সজাগ কৰাৰ বাবে চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ
ভোটাৰক সজাগ কৰাৰ বাবে চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ

মৰাণ,২২ মাৰ্চ: এইবাৰ বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে কেতবোৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

ভোটাৰক সজাগ কৰাৰ বাবে চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজে যাতে অৱগত হয়, তাৰ বাবে প্ৰশাসনে প্ৰয়াস কৰিছে ৷ সেয়ে সোমবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ SVEEP কোষৰ উদ্যোগত এক চাইকেল ৰেলী উলিওৱা হয় ।

ভোটাৰক সজাগ কৰাৰ বাবে চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ

চৌকিডিঙি খেলপথাৰৰ পৰা উলিওৱা এই সজাগতামূলক চাইকেল ৰেলীত বিভিন্ন স্থানৰ পৰা অহা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ।

ভোটাৰক সজাগ কৰাৰ বাবে চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ

এই অনুষ্ঠানত উপস্থিত থাকে জিলা SVEEP আইকণ তথা বিশিষ্ট খো-খো খেলুৱৈ সুপ্ৰিয়া গগৈ, সহকাৰী আয়ুক্ত কুইন গগৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

ভোটাৰক সজাগ কৰাৰ বাবে চাইকেল ৰেলীৰ আয়োজন ডিব্ৰুগড় প্ৰশাসনৰ

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে অনুসূচীত জাতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details