টিংখাঙ, 8 নৱেম্বৰঃ টিংখাঙত দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম অধিৱেশন ৷ ছাত্ৰ সংগঠনটোৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত অধিৱেশনস্থলী অৰ্থাৎ টিংখাঙৰ নন্দেশ্বৰ গগৈ সোঁৱৰণী ক্ষেত্ৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । অধিৱেশনৰ দ্বিতীয় দিনা শুকুৰবাৰৰ মুখ্য আকৰ্ষণ আছিল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । বিভিন্ন জাতি জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্য গীতৰ প্ৰদৰ্শনেৰে মুখৰিত হৈ উঠে সমগ্ৰ পৰিৱেশ । দুই কিলোমিটাৰযোৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে অংশগ্ৰহণ কৰে ।
গায়ন বায়নৰ পৰা আৰম্ভ কৰি বিহু, ঝুমুৰ, বড়ো, মিচিং, নেপালী, সোণোৱাল কছাৰী, অসমীয়া বঙালী সমাজকে আদি কৰি বিভিন্ন সাংস্কৃতিক দলসমূহে প্ৰদৰ্শন কৰা নৃত্য-গীতে টিংখাংবাসীক মন্ত্ৰমুগ্ধ কৰি তোলে । টিংখাঙৰ ৰাজগড় সমীপৰ শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা ৰাজগড় সোণাৰী পথেৰে ৰাজগড় শ্ৰী শ্ৰী যুৰীয়া আই থানৰ সমীপলৈকে প্ৰায় ৫ কিলোমিটাৰ পথ খোজ কাঢ়ি এই বিশাল সমদল বাহিৰ কৰা হয় ।