মৰাণ, 30 জুলাই: কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি আৰু কা বাতিলৰ দাবীত বৃহস্পতিবাৰে মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত মৰাণৰ শিল্পী সমাজে এক সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তিকে আদি কৰি বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে মৰাণত একাংশ শিল্পীয়ে একলগ হৈ কবিতা আৰু গীত পৰিবেশন কৰি কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে ।
কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত জাপি দিয়া জাতিধ্বংসী আইন 'কা' কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় বুলি প্ৰতিবাদ স্থানৰ পৰাই সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ।