অসম

assam

ETV Bharat / state

Assam-Arunachal border dispute: সীমা সমস্যাক লৈ অসম অৰুণাচলৰ মন্ত্ৰী আমোলাৰ বৈঠক - Assam Arunachal border dispute

বুধবাৰে অসমৰ দখলত থকা নামচাং প্ৰকৃততে কাৰ দখলত থাকিব তাক লৈ নাহৰকটীয়াৰ জয়পুৰৰ বন বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয় অসম অৰুণাচলৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ বৈঠক (Crucial meeting on Assam-Arunachal border dispute) ।

crucial meeting on Assam-Arunachal Pradesh border dispute held at Naharkatia in Dibrugarh
সীমা সমস্যাক লৈ অসম অৰুণাচলৰ মন্ত্ৰী আমোলাৰ বৈঠক

By

Published : Aug 10, 2022, 10:46 PM IST

ডিব্ৰুগড়, 10 আগষ্ট: অসম অৰুণাচল সীমান্তৰ নাহৰকটীয়াৰ নামচাং অঞ্চলক বিগত সময় ধৰি নিজৰ বুলি দাবী কৰি আহিছে চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশে । পিছে অসমৰ দখলত থকা নামচাং প্ৰকৃততে কাৰ দখলত থাকিব ইয়াকৈ লৈ বুধবাৰে নাহৰকটীয়াৰ জয়পুৰৰ বন বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয় দুই ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ বৈঠক (Meeting on Assam-Arunachal border dispute) ।

সীমা নিৰ্দ্ধাৰণৰ এই বৈঠকত অসমৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ হৈ বিধায়ক তৰংগ গগৈ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ উপস্থিত থকাৰ বিপৰীতে অৰুণাচলৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ হৈ জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী ৱাংকি লৱাং, বৰদৰীয়াৰ বিধায়ক ৱাঙলিন লৱাংডং, তিৰাপৰ উপায়ুক্ত তাৰো মিজে (Tirap deputy comissioner Taro Mize) , আৰক্ষী অধীক্ষক কাৰডক ৰিবা উপস্থিত থাকে । প্ৰায় ঘণ্টাজোৰা বৈঠকৰ অন্তত দুয়োটা দলে বিবাদমান নামচাং অঞ্চল পৰিদৰ্শন কৰে ।

সীমা সমস্যাক লৈ অসম অৰুণাচলৰ মন্ত্ৰী আমোলাৰ বৈঠক

ইফালে সংবাদ মাধ্যমৰ আগত অৰুণাচলৰ মন্ত্ৰী ৱাংকি লৱাঙে (Arunachal Pradesh cabinet minister Wangki Lowang) অৰুণাচলৰ সৈতে অসমৰ পূৰ্বৰে পৰা সু-সম্পৰ্ক অক্ষুন্ন আছে বুলি মন্তব্য কৰে । পিতৃৰ পৰা যেতিয়া ককায়েক ভায়েকৰ মাজত সম্পত্তিৰ ভাগ বতৰোৱা হয় তেতিয়া কিছু পৰিমাণে সমস্যা থাকে; কিন্তু এই সকলো বিলাক আলোচনাৰ মাধ্যমেৰে সমধান কৰা হ’ব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে স্থানীয় বিধায়ক তৰংগ গগৈয়ে (Naharkatia MLA Taranga Gogoi) বিবাদমান অঞ্চল পৰিদৰ্শনৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ লগতে দুই ৰাজ্য অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ে চুড়ান্ত কৰিব নামচাং প্ৰকৃততে কাৰ বুলি সদৰি কৰে বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, যি সময়ত ৰাজ্যৰ সীমা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে, ঠিক তেনে সময়তে অসম অৰুণাচলৰ বন্ধুত্বমূলক আলোচনাৰে সীমা সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ।

লগতে পঢ়ক:Severely polluted rivers in Assam:ভয়াবহ প্ৰদূষণৰ কৱলত ৰাজ্যৰ ৪৪ টা নদী-জলাশয়

ABOUT THE AUTHOR

...view details