মৰাণ,১৩ মে':বিহুৰ অনুষ্ঠান মানেই যেন একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ মুকলি মঞ্চ । এইচাম যুৱকৰ অতপালিত যেন বহু স্থানত ম্লান পৰিব লগা হৈছে বিহুৰ মাদকতা । এইবাৰ সোণাৰি ৰাজহুৱা বিহু সন্মিলনত উদণ্ড যুৱকে প্ৰহাৰ কৰিলে কৰ্তব্যৰত CRPF ৰ জোৱানক(CRPF soldier beaten up by youth in Sonari) ।
সোণাৰি ৰাজহুৱা বিহু সন্মিলনত হাতত তৰোৱাল লৈ CRPF জোৱানক প্ৰহাৰ কৰিলে একাংশ উদণ্ড যুৱকে । ইফালে CRPF ৰ জোৱানক সহায় কৰিবলৈ গৈ আহত হ'ল গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা পাপু খান নামৰ লোকজনো ।
বিহুতলীত অঘটন: উদণ্ড যুৱকে প্ৰহাৰ কৰিলে CRPF জোৱানক জানিব পৰা মতে, দিপাংকৰ দুৱৰা নামৰ যুৱকজনে বিহু অনুষ্ঠান চলি থকাৰ মাজতে কৰ্তব্যত নিয়োজিত হৈ থকা CRPF ৰ জোৱানক আক্ৰমণৰ লক্ষ্য কৰি লয় । পাছলৈ পৰিস্থিতি উত্তপ্ত হোৱাত CRPF ৰ জোৱানসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাও । কিন্তু দিপাংকৰৰ তৰোৱালৰ আঘাটত আহত হয় পাপু খান নামৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাজনো (VDP injured in sword injuries) ।
ততাতৈয়াকৈ আহত পাপু খানক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । ইফালে ৰাজহুৱা স্থানত তৰোৱাল লৈ একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰা যুৱকজনক নিশায়ে সোণাৰি আৰক্ষীয়ে আটক কৰে ।
লগতে পঢ়ক:ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হ'ব চৰকাৰ: মুখ্যমন্ত্ৰী