মৰাণ, ১৯ মাৰ্চ:অইল ইণ্ডিয়া লিমিটেড, মৰাণৰ এক অবিবেচক কাণ্ডই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদৰ বৰ্জিত বিষাক্ত ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত পানীয়ে ইয়াৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত ব্যাপক সমস্যাৰ সষ্টি কৰিছে ৷ উল্লেখ্য় যে, মৰাণত অইলৰ পানী ওলাই যোৱাৰ বাবে থকা মূল নলা মৰাণ চাংমাই গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পেটুৱা জানত সংযোগ হৈ আছে (Chemical of OIL in Petuwa Jan)। সাধাৰণতে অইল এলেকাৰ পৰা দীৰ্ঘদিন ধৰি অতিৰিক্ত পানী এই নলাৰে পেটুৱা জানত পৰেহি যদিও শেহতীয়াকৈ অইলৰ উৎপাদন বিভাগৰ পৰা কোনো ৰাসায়নিক দ্ৰব্য এই নলাৰে এৰি দিয়াৰ ফলত পেটুৱা জানত বিষক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ইতিমধ্য়ে এই জানটোৰ পানী খাই গাঁৱৰ বহু লোকৰ হাঁহ-কুকুৰা, গৰু-ছাগলী আদিৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে (Cattle suffering from poisoning in Moran) ৷ তদুপৰি অইলৰ পৰা নিৰ্গমণ হোৱা ৰাসায়নিক দ্ৰব্যই কাষৰীয়া অঞ্চলৰ কৃষিপথাৰত ব্যাপক ক্ষতি কৰিছে । অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়া তথা কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ ।