অসম

assam

ETV Bharat / state

নাহৰকটীয়াত চিপিআইএমৰ প্ৰতিবাদ

চৰকাৰলৈ ভিন্ন দাবী উত্থাপন কৰি দেওবাৰে নাহৰকটীয়াস্থিত চিপিআইএমৰ কাৰ্যালয়ৰ সন্মুখত, ডিব্ৰুগড় জিলা চিপিআইএমৰ সদস্য সকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

cpim protest in naharkatia
cpim protest in naharkatia

By

Published : Jun 22, 2020, 9:16 PM IST

নাহৰকটীয়া, 22 জুনঃদেওবাৰে ৰাজ্যুজুৰি চিপিআইএম দলে পালন কৰে দাবী দিৱস ৷ সেই উপলক্ষেনাহৰকটীয়াস্থিত চিপিআইএমৰ কাৰ্যালয়ৰ সন্মুখত দেওবাৰে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলা চিপিআইএমৰ সদস্য সকলে ৷ আইকৰৰ আওতাৰ বাহিৰত ৰখা প্ৰতিটো পৰিয়ালক প্ৰতিমাহে 7500 টকাকৈ তিনিমাহলৈ আৰ্থিক সাহায্য প্ৰদান, সেই লোকসকলক জনমূৰি মাহিলী প্ৰয়োজনীয় ৰেচন প্ৰদান, মানুহৰ এনে বিপদৰ সময়ত শ্ৰম আইন সংশোধন কৰি শ্ৰমিকৰ আইনগত অধিকাৰ কাঢ়ি নিয়া, কামৰ সময় বৃদ্ধিৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰি 8 ঘন্টা কামৰ সময় বাহাল ৰখা, প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নামত প্ৰচলিত দুৰ্নীতি বন্ধ কৰা, হিতাধিকাৰীৰ নাম এই আঁচনিত পুনৰ নতুনকৈ তালিকাভুক্ত কৰা, ৰাজহুৱা তৈলখাদৰ ব্যক্তিগতকৰণ প্ৰত্যাহাৰ, দিহিং পাটকাই বনাঞ্চলত কয়লাৰ মুক্ত খনন বন্ধ কৰা, বাঘজানৰ অগ্নি নিয়ন্ত্ৰণ কৰা, বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া আদি ভিন্ন দাবী উত্থাপন কৰি দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাহৰকটীয়াত চিপিআইএমৰ প্ৰতিবাদ

সম্পাদক সুৰেশ চন্দ্ৰ ডেকাৰ নেতৃত্বত তিনিগৰাকী প্ৰতিনিধিয়ে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ৭ টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ আনহাতে বৈজ্ঞানিক অধ্যয়ণ আৰু বিশেষজ্ঞৰ অনুমতি নোহোৱাকৈয়ে নামনি সোৱণশিৰিত চলি থকা নদী বান্ধ নিৰ্মাণ প্ৰকল্পৰ কাম অতি শীঘ্ৰে বন্ধ কৰাৰো দাবী জনায় দলটোৱে ৷ লগতে আজিৰ পৰা 14 বছৰ আগতেই ঘোষণা কৰা হৈছিল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট প্ৰতিষ্ঠা কৰাৰ কথা ৷ কিন্তু কেন্দ্ৰীয় চৰাকাৰে এই পৰ্যন্ত এই গোট প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰি, অতি শীঘ্ৰেই চতুৰ্থ গোট স্থাপন কৰিব লাগে বুলিও দাবী জনায় দলটোৱে ৷ তেওঁলোকৰ মতে, এই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বৃহত্তৰ নামৰূপ ঔদ্যোগিক অঞ্চলটো আজি ধ্বংসৰ মুখলৈ গতি কৰিছে ৷

লগতে পঢ়কঃনুমলীগড় বায়'ৰিফাইনেৰী প্ৰকল্পত থলুৱা শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details