ডিব্ৰুগড়, 4 ডিচেম্বৰঃডিব্ৰুগড়ত গৰু চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ দলক প্ৰাণে মৰাৰ চেষ্টা চোৰাং গৰু ব্যৱসায়ীৰ। গৰু চোৰৰ বাহনেৰে আৰক্ষী চি আৰ পি এফৰ বাহনক মহতিয়াই নিয়াৰ চেষ্টাৰ অভিযোগ আৰক্ষীৰ। আক্ৰমণকাৰী গৰু সৰবৰাহকাৰীসহ দুই গৰু চোৰ আৰক্ষীৰ জালত । আনহাতে,গৰু চোৰকেইটাৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ থকা চাৰি চি আৰ পি এফ জোৱানসহ দুই আৰক্ষী আৰু চালকজন ৷
ডিব্ৰুগড়ত গৰু চোৰৰ আক্ৰমণ আৰক্ষীৰ গাড়ীত
ডিব্ৰুগড় চহৰত মঙলবাৰে নিশা আৰক্ষীয়ে গৰু চোৰৰ বাহনখন অনুসৰণ কৰি থাকোতে তিনি গৰু চোৰে ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীসহ চি আৰ পি এফ জোৱান থকা আৰক্ষীৰ দলটোক আক্ৰমণৰ কৰে ৷
উল্লেখ্য যে, মঙলবাৰে নিশা ডিব্ৰুগড়ত AS-01AN-2260 নম্বৰৰ ইণ্ডিকা ভিষ্টা বাহনেৰে গৰু চোৰৰ গাড়ীয়ে আৰক্ষীৰ গাড়ীত খুণ্ডা মৰাৰ অভিযোগ উত্থাপন। ডিব্ৰুগড় চহৰত মঙলবাৰে নিশা আৰক্ষীয়ে গৰু চোৰৰ বাহন খন অনুসৰণ কৰি থাকোতে তিনি গৰু চোৰে ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীসহ চি আৰ পি এফ জোৱান থকা আৰক্ষীৰ দলটোক আক্ৰমণৰ কৰে ৷ তাৰোপৰি দুৰ্ঘটনাটোত এটা গৰু থিতাতে নিহত হোৱাৰ লগতে আন কেইবাটাও গৰু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় বুলি জানিবলৈ দিয়ে ভুক্তভোগী আৰক্ষীৰ দলটোৱে ৷
আৰু পঢ়কঃ নতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক কলা পতাকা প্ৰদৰ্শন