অসম

assam

ETV Bharat / state

কৰ’ণাৰ সংক্ৰমণ ৰোধৰ চেষ্টা নামচাং চাহ বাগিচাত - নামচাং চাহ বাগিচা

ক’ভিডৰ দ্বিতীয় লহৰক ৰুধিবলৈ তৎপৰ এখন চাহ বাগিচা ৷ সন্ধিয়া ৫ বজাৰ লগে লগে যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ বাগিচাখনত ৷ কৰ্তৃপক্ষই নিজাববীয়াকৈ সাজু কৰি ৰাখিছে কোৱাৰেণ্টাইন চেণ্টাৰ ৷

covid19-awareness-and-precautions-taking-by-namsang-tea-estat
এখন ব্যতিক্ৰমী চাহ বাগিছা

By

Published : May 8, 2021, 9:07 AM IST

নাহৰকটীয়া,8 মে’: কৰ’ণা মহামাৰীৰ দ্বিতীয় লহৰে বিভীষিকাৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত ৷ সমান্তৰালকৈ অসমতো পৰ্যায়ক্ৰমে ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত লোকৰ সংখ্যা । উল্লেখ্য যে, মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য় আইন । পিছে সচৰাচৰ কৰ’ণা মহামাৰীৰ সজাগতাৰ ক্ষেত্ৰত অভাৱ দেখিবলৈ পোৱা চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এইবাৰ প্ৰতিফলিত হৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচাই কৰ'ণাৰ দ্বিতীয় লহৰৰ পৰা বাগিচা অঞ্চলৰ ৰাইজক নিৰাপদে ৰাখিবলৈ তৎপৰ হোৱাৰ লগতে কৰ্তৃপক্ষই লৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নাহৰকটীয়া সমষ্টিৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত ৰছেল টি কোম্পানীৰ অধীনৰ এই চাহ বাগিচাখনে সান্ধ্য আইনৰ নিৰ্দিষ্ট সময়ৰ পূৰ্বেই অৰ্থাৎ সন্ধিয়া প্ৰায় ৫ বজাৰ লগে লগে বাগিচাখনত বাহিৰৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । তদুপৰি দিনৰ ভাগত বাগিচাত প্ৰৱেশ কৰা প্ৰতিখন যান-বাহনক বাগিচাৰ মুখ্য প্ৰৱেশদ্বাৰত ভালদৰে ছেনিটাইজ কৰিহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰে বাগিচা পৰিচালকে । আনহাতে, বাগিচাখনত প্ৰতিগৰাকী শ্ৰমিকক মাস্ক পৰিধান কৰিহে কামত নিয়োজিত হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে ।

ইয়াৰোপৰি, শ্ৰমিকসকলে যাতে সঘনাই হাত-মুখ ধুব পাৰে তাৰ বাবে বিভিন্ন স্থানত চাবোন-পানীৰ লগতে চেনিটাইজাৰৰো যোগান ধৰিছে পৰিচালনা সমিতিয়ে । উল্লেখনীয় যে, এই নিৰ্দেশাৱলী শ্ৰমিকসকলে পালন কৰিছে নে নাই, তাকো প্ৰতি এঘণ্টাৰ মূৰে-মূৰে তদাৰক কৰে কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ শিক্ষক সমাজ তথা ৰৌশনী কিশোৰী ক্লাবৰ সদস্যসকলে ।

নামচাং চাহ বাগিচাত কৰ’ণাৰ সংক্ৰমণ ৰোধৰ চেষ্টা

মন কৰিবলগীয়া যে,দেশৰ ৰাজধানী দিল্লীৰ লগতে উত্তৰ প্ৰদেশত কৰ'ণাৰ দ্বিতীয় লহৰৰ যি বিভীষিকাময় পৰিস্থিতি সৃষ্টি হৈছে, তেনে পৰিস্থিতি যাতে কোনো কাৰণতে নামচাং চাহ বাগিচাত উদ্ৰেক নহয় সেই লক্ষ্য লৈয়ে এই সজাগতাসমূহৰ লগতে বাগিচা কৰ্তৃপক্ষই নিজাববীয়া প্ৰচেষ্টাৰে সাজু কৰি ৰাখিছে এটা কোৱাৰেণ্টাইন চেণ্টাৰ ৷

ইফালে, নামচাং চাহ বাগিচা বিদ্যালয়ৰ শিক্ষক সাগৰ তাঁতীয়ে জনোৱা অনুসৰি চাহ বাগিচা পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে হাতত লোৱা সজাগতামূলক এই প্ৰচেষ্টাৰ প্ৰতি সকলো লোকৰে সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বাগিচাখনৰ ৰাইজে দূৰত্ব বৰ্তাই থকাৰ লগতে মাস্ক পৰিধান তথা গৰম পানীৰ ব্যৱহাৰ ইত্যাদি নীতি-নিয়মসমূহৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে তেওঁ, ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাৰ পৰিচালনা সমিতিক ক’ভিডৰ দ্বিতীয় লহৰৰ ভয়াৱহতা আৰু সতৰ্কতাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ মাজত তথা আৱাসীক এলেকাসমূহত সজাগতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনাইছে ৷

লগতে পঢ়ক:ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা

ABOUT THE AUTHOR

...view details