অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত 18 ৰ পৰা 44 লোকৰ টীকাকৰণ আৰম্ভ - ডিব্ৰুগড় স্বাস্থ্য বিভাগ

শুকুৰবাৰৰ পৰা ডিব্ৰুগড় স্বাস্থ্য বিভাগে ১৮-৪৪ বছৰৰ ব্যক্তি সকলক ক'ভিড প্ৰতিষেধক দিয়া আৰম্ভ কৰিছে ৷ ডিব্ৰুগড় স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জিলাৰ সকলো ৰাইজৰ বাবে পৰ্যায় ক্ৰমে ক'ভিড প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে ৷

শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত ১৮ৰ পৰা ৪৪ বছৰৰ ব্যক্তি সকলক ক'ভিড প্ৰতিষেধক দিয়া আৰম্ভ
শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত ১৮ৰ পৰা ৪৪ বছৰৰ ব্যক্তি সকলক ক'ভিড প্ৰতিষেধক দিয়া আৰম্ভ

By

Published : May 7, 2021, 10:13 AM IST

মৰাণ, 7 মে’ : ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগে শুকুৰবাৰৰ পৰা ১৮-৪৪ বছৰৰ ব্যক্তি সকলক ক'ভিড প্ৰতিষেধক দিয়া আৰম্ভ কৰিছে ৷ ক'ভিড প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ । ডিব্ৰুগড় স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জিলাৰ সকলো ৰাইজৰ বাবে পৰ্যায় ক্ৰমে ক'ভিড প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে ৷

শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত ১৮ৰ পৰা ৪৪ বছৰৰ ব্যক্তি সকলক ক'ভিড প্ৰতিষেধক দিয়া আৰম্ভ

ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰাতো অতি প্ৰয়োজনীয় ৷ সেয়েহে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ৪৫ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিৰ লগতে শুকুৰবাৰৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ ব্যক্তিসকলকো ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত ১৮ৰ পৰা ৪৪ বছৰৰ ব্যক্তি সকলক ক'ভিড প্ৰতিষেধক দিয়া আৰম্ভ

উল্লেখ্য যে, ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে কো-ৱিন পৰ্টেলত নাম অন্তৰ্ভুক্ত কৰিব লাগিব আৰু লগতে তাত গৈ নিৰ্ধাৰিত টীকাকৰণ কেন্দ্ৰ বা স্থান বাচনি কৰিব লাগিব । ইতিমধ্যে প্ৰশাসনে প্ৰতিষেধক ল'বৰ বাবে উল্লেখিত স্থান/কেন্দ্ৰ সমূহত নাম আৰু তালিকা প্ৰকাশ কৰিছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক প্ৰতিষেধকৰ কেন্দ্ৰসমূহত ক'ভিডৰ নীতি-নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ক'ভিড চেণ্টাৰ পালেগৈ মিকি-মিনি মাউচ

ABOUT THE AUTHOR

...view details