অসম

assam

ETV Bharat / state

এক অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ - dibrugarh hospital

ডিব্ৰুগড়ৰ এখন চিকিৎসালয় ৷ পাৰ্কৰ দৰেই দেখিবলৈ এই চিকিৎসালয়খনত ক’ভিড ভেকচিনৰ বাবে ৰাইজৰ সুবিধাৰ্থে কৰি কিছুমান প্ৰশান্তি লাভৰ সুব্যৱস্থা কৰা হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

covid_vaccination_at_Unique_atmosphere
অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ

By

Published : May 5, 2021, 3:41 PM IST

ডিব্ৰুগড়,5 মে’ : ৰেষ্টুৰেণ্ট,পাৰ্ক অথবা কোনোবা লঞ্জৰ দৰে এক মনোমোহা পৰিৱেশ ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত । পাৰ্কৰ দৰেই সমানকৈ কাটি থোৱা সেউজীয়া ঘাঁহনী, তাত বহিবলৈ নিদিষ্ট দূৰত্বত সুবিধাৰ চকীবোৰ, এই ঠাইলৈ সোমাই আহিবলৈ এটি সুন্দৰ বাট,মুঠতে ক্লান্ত জীৱনৰ পৰা আঁতৰি অকনমান শান্তনা বাবে সময় কটাবলৈ চালে চকু ৰোৱাকৈ পৰিপাটিকৈ ৰখা এডোখৰ মুগ্ধ ঠাই । চকীৰ কাষে কাষে আকৌ নিৰ্মল বতাহৰ বাবে ফেনৰ ব্যৱস্থ । লগতে আকৌ চাহ,বিশুদ্ধ খোৱ পানী, কফীৰো আছে ব্যৱস্থা ।

ডিব্ৰুগড়ৰ জ্যোতি নগৰৰ মাৰোৱাৰী আৰোগ্য ভৱন চিকিৎসালয়ে ক’ভিড ভেকচিনৰ বাবে ৰাইজৰ সুবিধাৰ্থে কৰি এনে কিছুমান প্ৰশান্তি লাভৰ সুব্যৱস্থা । কভিড ভেকচিন ল’বলৈ অহা ৰাইজৰ বাবে চিকিৎসালয়খনে সৃষ্টি কৰিছে এনে ব্যতিক্ৰমী মুগ্ধ বাতাবৰণ ।

এক অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ

সাধাৰণতে চৰকাৰী, বে-চৰকাৰী চিকিৎসালয়ত ক’ভিড ভেকচিনৰ গ্ৰহণ কৰিবলৈ যোৱা লোকে ঔষধ, এনাচটিছিয়া ইত্যাদিৰ অসহনীয় গোন্ধ লৈ, ঔষধ, চিৰিঞ্জ, চেলাইন বেণ্ডেজ ইত্যাদি নিজ চকুৰে প্ৰত্যক্ষ কৰি, বিভিন্ন ৰোগীক প্ৰত্যক্ষ কৰি ক’ভিডৰ ভেকচিন সংগ্ৰহ কৰিব লগা হয় । যাৰ পৰিপ্ৰেক্ষিত সুস্থ লোক এজনে চিকিৎসালয়ৰ সেই পৰিৱেশত গৈ নিজকে ক’ৰবাত অসহায় বোধ কৰাৰ উপৰি বাধ্য হৈ এক অসহনীয় পৰিৱেশৰ মুখামুখি হ’বলগীয়া হয় ।

বিগত মাৰ্চ মাহৰ পৰা চলাই অহা ভেকচিনৰ প্ৰদান কাৰ্যসূচীত চিকিৎসালয়খনত দৈনিক 200-300 লোকে ভেকচিন গ্ৰহণ কৰি আছে ৷ শৃংখলাবদ্ধভাৱে ৰাইজক ভেকচিন প্ৰদান কৰা প্ৰক্ৰিয়াত সামাজিক দূৰত্ব, চেনিটাইজেশ্বন ইত্যাদিতো সতৰ্কতা অক্ষুন্ন ৰাখিছে উদ্যোক্তাই । ক’ভিড ভেকচিনৰ বাবে মাৰোৱাৰী আৰোগ্য ভৱন চিকিৎসালয়ে গ্ৰহণ কৰা এই ব্যৱস্থা অত্যন্ত চৰ্চাত থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :পিতৃৰ অকথ্য নিৰ্যাতনৰ বলি এটি কণমানি

ABOUT THE AUTHOR

...view details