মৰাণ,21 মে': ৰাজ্যত অতি ভয়াৱহ ৰূপ লৈছে মহামাৰী কৰ'ণাই । অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ গণ সংক্ৰমণ ৷ কৰ'ণাৰ এই ভয়াৱহতাৰ মাজতে ধোঁৱাচাঙত উঠিল কভিড প্ৰট’ক’ল । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক’ভিড বিধি উলংঘা কৰি ওলাই আহিল সাধাৰণ জনতা । নাহৰকটীয়াতো দেখা গ’ল ক’ভিড বিধি উলংঘাৰ সেই ভয়াৱহ দৃশ্য ৷ মহামাৰী ক’ভিডৰ সকলো নীতি-নিয়ম জলাঞ্জলি দি শুকুৰবাৰে পুৱা বেংক আৰু গেছ এজেঞ্চিসমূহত এইদৰে ভীৰ কৰিলেহি ভালেসংখ্যক লোক ৷
নাহৰকটীয়াত ধোঁৱাচাঙত উঠিছে ক’ভিড প্ৰট'কল - ক’ভিড বিধি উলংঘা
নাহৰকটীয়াত প্ৰতিদিনে ধোঁৱাচাঙত উঠিছে কভিড প্ৰট'কল ৷ বেংক আৰু গেছ এজেঞ্চিত গ্ৰাহকৰ লানি নিচিগা সোঁত ৷
নাহৰকটীয়াত ধোঁৱাচাঙত উঠিছে ক’ভিড প্ৰট'কল
পঞ্জাৱ নেচনেল বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেংকৰ নাহৰকটীয়া শাখা আৰু জে কে গেছ এজেঞ্চিত ক’ভিড প্ৰটকল ভংগ কৰি ইজনে-সিজনৰ গাতে গা লাগি শাৰী পাতি নিজৰ লগতে আন দহজন লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । ইফালে এই স্থানসমূহত দেখা নগ’ল এজনো আৰক্ষী । ক’ভিড বিধি উলংঘা কৰাৰ পিছতো এই সমগ্ৰ ঘটনাক লৈ নাহৰকটীয়া আৰক্ষীয়ে মৌনতা অৱলম্বন কৰা কাৰ্যই নাহৰকটীয়াত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন: শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ