অসম

assam

ETV Bharat / state

মোহনবাৰী বিমান বন্দৰত উলংঘা ক'ভিড প্ৰট'কল - মোহনবাৰী বিমান বন্দৰত উলংঘা ক'ভিড প্ৰট'কল

বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে দেশতো কৰ'ণা মহামাৰীৰ নতুন সংক্ৰমণৰ উন্মেষ ঘটাৰ সময়তে, ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত এই সম্পৰ্কে সজাগতাৰ অভাৱ দেখিবলৈ পোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে স্বাৱ টেষ্টৰ ক্ষেত্ৰতো যাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলিও আন একাংশই অভিযোগ উত্থাপন কৰিছে ৷

মোহনবাৰী বিমান বন্দৰ
মোহনবাৰী বিমান বন্দৰ

By

Published : Dec 29, 2020, 7:16 PM IST

ডিব্ৰুগড়, 29 ডিচেম্বৰ:ইতিমধ্যেই বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে দেশতো উন্মেষ ঘটিছে কৰ'ণা মহামাৰীৰ নতুন সংক্ৰমণৰ ৷ তেনে স্থলত পূৰ্বতকৈয়ো অধিক কটকটীয়া কৰি তোলাৰ সময় আহি পৰিছে কৰ'ণাৰ প্ৰট'কলসমূহ ৷ কিন্তু তাকে নকৰি এক সম্পূৰ্ণ ওলোটা দৃশ্যহে পৰিলক্ষিত হ'ল ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত ৷

মোহনবাৰী বিমান বন্দৰত উলংঘা ক'ভিড প্ৰট'কল

বিমান বন্দৰটোত যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে ঠিকেই, কিন্তু কৰ্তৃপক্ষৰ মাজত দেখিবলৈ পোৱা নগ'ল কৰ'ণা মহামাৰীৰ বাবে থাকিবলগীয়া কণমানো সজাগতা ৷ যাত্ৰীতো বাদেই, খুদ কৰ্তৃপক্ষৰ লোকৰ মুখতো দেখিবলৈ পোৱা নগ'ল এখন মাস্ক ৷ মাস্ক অবিহনেই কাউণ্টাৰত থকা কৰ্তৃপক্ষৰ লোকে সংগ্ৰহ কৰি গৈছে ইজনৰ পাচত সিজন যাত্ৰীৰ ক'ভিড পৰীক্ষাৰ নমুনা ৷

খুদ কৰ্তৃপক্ষৰ লোকৰ মুখতো দেখিবলৈ পোৱা নগ'ল এখন মাস্ক

নতুনকৈ পুনৰ আগতকৈ অধিক সক্ৰিয় হৈ পৰিছে মহামাৰী বিধৰ নৱ সংক্ৰমণ ৷ যাৰ বাবে চৰকাৰে বাৰম্বাৰ সতৰ্কবাণী প্ৰদান কৰি আহিছে ৰাইজক ৷ তেনে ক্ষেত্ৰত মোহনবাৰী বিমানবন্দৰৰ ভয়াৱহ দৃশ্যই বাৰুকৈয়ে শংকিত কৰি তুলিছে সচেতন মহলক ৷ কিয়নো বিমান বা ৰে'লযোগে প্ৰৱেশ কৰা বহিঃৰাজ্য তথা বহিঃৰাষ্ট্ৰৰ লোকৰ পৰা কৰ'ণা মহামাৰী বিয়পাৰ সম্ভাৱনা অধিক ৷

আনহাতে ডিব্ৰুগড়ৰ বিমান বন্দৰত নাকত কপাহ সংলগ্ন পাইপ ভৰাই নমুনা সংগ্ৰহ কৰোতেও যাত্ৰীসকলে যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ এই প্ৰক্ৰিয়াৰ দ্বাৰা নাকৰ ভিতৰত দুখ পোৱাৰ সম্ভাৱনা অধিক প্ৰৱল বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে ৷ উল্লেখ্য যে, বহু যাত্ৰীয়ে ইতিমধ্যে বিমান বন্দৰত থকা কৰ'ণাৰ প্ৰট'কলৰ অভাৱ আৰু নমুনা সংগ্ৰহ প্ৰক্ৰিয়াৰ বিসংগতি সম্পৰ্কে জিলা প্ৰশাসনক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

ABOUT THE AUTHOR

...view details