মৰাণ, 4 জুন :কৰ’ণা সৃষ্ট পৰিবেশৰ মাজতে এজন অচিনাক্ত কৰ’ণা ৰোগীৰ মৃত্য়ুৱে মৰাণত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণত পদপথৰ কাষত অসুস্থ অৱস্থাত পৰি থকা এজন অচিনাক্ত লোকক উদ্ধাৰ কৰিছিল আৰক্ষীৰ ৷
অসুস্থ ব্যক্তি জনক উদ্ধাৰ কৰি আৰক্ষীয়ে মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । প্ৰায় ৪২ বছৰীয়া লোকজন চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি জানিবলৈ দিয়ে ।