মৰাণ,২৯ এপ্ৰিল:ডিব্ৰুগড় জিলাত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ'ণাৰ সংক্ৰমণ । জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰৰ দিনটোতে ৪০গৰাকীকৈ লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছ ধৰা পৰিছে । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এতিয়ালৈ মুঠ ২৬৪ গৰাকীকৈ ক'ভিড ৰোগী ধৰা পৰিছে ।
বৃহস্পতিবাৰে মৰাণত ৪৮ গৰাকী আক্ৰান্ত কৰ'ণাত - বৃহস্পতিবাৰে মৰাণত ৪৮ গৰাকী আক্ৰান্ত কৰ'ণাত
ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰৰ দিনটোতে ৪০গৰাকীকৈ লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছ ধৰা পৰিছে । চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত আন ৮ জন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।
বৃহস্পতিবাৰে মৰাণত ৪৮ গৰাকী আক্ৰান্ত কৰ'ণাত
ইফালে চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত আন ৮ জন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সৰ্বমুঠ ৪৩ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।
চিকিৎসকসকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলে হোম আইচ'লেচনত আছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ৩০৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক:ধুবুৰীত জেএমবিৰে জড়িত থকাৰ সন্দেহত আটক এজন