ডিব্ৰুগড়, 27 জুলাইঃ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুমপখত পৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ জি এম এছ চৌধুৰী ৷ দেওবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ কভিড ৱাৰ্ডত তেওঁ চিকিৎসাধীন অৱস্থাত মৃত্যু বৰণ কৰে ৷ উল্লেখ্য যে, লোকজনক শেহতীয়াকৈ প্লাজমা থেৰাপিও দিয়া হৈছিল বুলি এক তথ্যত প্ৰকাশ পাইছে ৷
ক’ভিডত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত চিকিৎসকৰ মৃত্যু
মৃত্যু হোৱা চিকিৎসক জনৰ নাম ডাঃ জি এম এছ চৌধুৰী ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য বিভাগৰ অৱসৰপ্ৰাপ্ত চিকিৎসক আছিল তেওঁ ৷
ক’ভিডত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু
ইপিনে ৰাজ্যত দেওবাৰলৈ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 79 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে দেওবাৰে 1142 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19 ৷