অসম

assam

ETV Bharat / state

কণ্টেইনমেণ্ট জ'নত পৰিণত ডিব্ৰুগড় বিশ্ববিদ্যালয় - Covid 19

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি ৷ যাৰ ফলত পৰৱৰ্তী সাত দিনৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷

এইবাৰ কন্টেইনমেন্ট জ'ন ঘোষণা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়
এইবাৰ কন্টেইনমেন্ট জ'ন ঘোষণা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়

By

Published : Feb 23, 2021, 11:26 AM IST

ডিব্ৰুগড়,23 ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মহামাৰী কৰ’ণাৰ অৱস্থিতি ৷ গুৱাহাটীৰ ডনবস্ক’ বিদ্যালয়ৰ পাছত এইবাৰ কৰ’ণাই সন্ত্ৰাস চলাইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৷ সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি ৷ এই খবৰ বিয়পি পৰাত সমগ্ৰ বিশ্ববিদ্যালয় চৌহদতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক’ৰ’নাৰ সন্ত্ৰাস

এই ঘটনাৰ গুৰুত্ব আৰু সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰটো সাত দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷ লগতে এই নিৰ্দেশনা কেন্দ্ৰটোৰ সকলো শিক্ষক-শিক্ষাৰ্থী, বিষয়া-কৰ্মচাৰীক সাত দিনৰ বাবে নিজ গৃহত কোৱাৰেণ্টাইন হোৱাৰ লগতে আৰু ক'ভিড 19 ৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

কণ্টেইনমেণ্ট জ'নত পৰিণত ডিব্ৰুগড় বিশ্ববিদ্যালয়

লগতে পঢ়কঃকাৰ্বি আংলঙক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা প্ৰদান দাবীত সৰৱ দল-সংগঠন

ABOUT THE AUTHOR

...view details