ডিব্ৰুগড়,২০ মে':কৰ'ণা আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ সামান্য হ্ৰাস হৈছে যদিও মহামাৰীৰ সংহাৰ এতিয়াও শেষ হোৱা নাই । সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি হৈছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা । চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক্ৰমে কৰ'ণাত মৃত্যুৰ সংখ্যা বাঢ়িছে । সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক প্ৰভাৱান্বিত হৈছে এই মহামাৰীৰ ফলত । চিকিৎসক, আৰক্ষী, সাংবাদিককে ধৰি জৰুৰী সেৱাৰ লগত জড়িত সকলো মহামাৰীৰ কবলত পৰিছে । কৰ'ণাৰ প্ৰথমটো আৰু দ্বিতীয় ঢৌত এতিয়ালৈ বহু কৰ'ণা যোদ্ধাই প্ৰাণ হেৰুৱাইছে ।
কৰ'ণাত মৃত্যু ডিব্ৰুগড়ৰ 'অসমীয়া প্ৰতিদিন' কাৰ্যালয়ৰ পৰিচালকৰ
ৰাজ্যৰ অন্যতম সংবাদ প্ৰতিষ্ঠান 'অসমীয়া প্ৰতিদিন' কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে মহামাৰীৰ বাবেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । মৃত ব্যক্তিগৰাকী হৈছে প্ৰতিষ্ঠানটোৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী তথা পৰিচালক তনু বৰুৱা । কৰ'ণাত আক্ৰান্ত হৈ তেওঁ কিছুদিন ধৰি এখন ব্যক্তি হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
পুনৰ অসমত অতিমাৰীয়ে প্ৰাণ ল'লে এগৰাকী কৰ'ণা যোদ্বাক । ৰাজ্যৰ অন্যতম সংবাদ প্ৰতিষ্ঠান 'অসমীয়া প্ৰতিদিন' কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে মহামাৰীৰ বাবেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । মৃত ব্যক্তিগৰাকী হৈছে প্ৰতিষ্ঠানটোৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী তথা পৰিচালক তনু বৰুৱা । কৰ'ণাত আক্ৰান্ত হৈ তেওঁ কিছুদিন ধৰি এখন ব্যক্তি হাস্পতালত চিকিৎসাধীন হৈ আছিল । কিন্তু অৱশেষত বৃহস্পতিবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ । তেওঁৰ মৃত্যুৰ লগে লগে এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰা দেখা গৈছে ।
লগতে পঢ়ক:ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুণগাঁৱত পথ দুৰ্ঘটনা