অসম

assam

By

Published : Apr 24, 2021, 12:04 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ এজনৰ কৰ'ণাত মৃত্যু

ডিব্ৰুগড়ত মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে এজনৰ পিছত আনজন লোকে । বিগত ২৪ ঘণ্টাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হ'ল তিনিগৰাকী ৰোগীৰ । শনিবাৰে পুৱা পুনৰ এজন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় অসম চিকিৎসা মহাবিদ্যালয়ত ।

অসম চিকিৎসা মহাবিদ্যালয়ত ক্ৰমাৎ বৃদ্ধি ক'ভিডত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা
অসম চিকিৎসা মহাবিদ্যালয়ত ক্ৰমাৎ বৃদ্ধি ক'ভিডত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা

ডিব্ৰুগড়,২৪ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে । ক'ভিডৰ দ্বিতীয় ঢৌৱে বহু লোকক চিকিৎসালয়লৈ বাট বুলিবলৈ বাধ্য কৰাইছে । কিয়নো, চিকিৎসা বিশেষজ্ঞসকলৰ মতে এইবাৰ পূৰ্বতকৈ দ্ৰুত গতিত সংক্ৰমণ হৈ ৰোগীক কম সময়ৰ ভিতৰতে সংকটজনক অৱস্থালৈ ঠেলি দিছে মহামাৰীয়ে ।

ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে । অসমতো এতিয়া প্ৰতি দিনে সংক্ৰমণ বৃদ্ধি পাইছে । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱালে তিনিগৰাকী ৰোগীয়ে ।

শুকুৰবাৰে নিশা ৫২ বছৰীয়া ডলী গগৈ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত ডলী গগৈৰ ঘৰ তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰত । কৰ'ণাত আক্ৰান্ত মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত । আনহাতে, শুকুৰবাৰে দিনৰ ভাগত মৃত্যু হয় ৪৮ বছৰীয়া সীমান্ত বুঢ়াগোঁহাই আৰু ৪৫ বছৰীয়া দীপক চাহু নামৰ দুজন লোকৰ । অৱশ্যে মৃত লোক দুজন মধুমেহ আৰু অন্য ৰোগতো আক্ৰান্ত আছিল বুলি সদৰী কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ।

ইফালে, অসম চিকিৎসা মহাবিদ্যালয়ত শনিবাৰে পুৱা পুনৰ এজন ৰোগীৰ মৃত্যু হয় । মৃত বাবুল মণ্ডল নামৰ লোকজনৰ বয়স ৬১ বছৰ । মৃত বাবুল মণ্ডলৰ ঘৰ ডিব্ৰুগড়ৰ বাক্সিপাৰাত । যোৱা ২৩ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ।

লগতে পঢ়ক:অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ

ABOUT THE AUTHOR

...view details