মৰাণ, ২৫ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । ইতিমধ্যে ৰাজ্যৰ চিকিৎসালয়সমূহৰ বিচনা ক'ভিড ৰোগীৰ সাজু কৰি তোলা হৈছে । মহামাৰীবিধত আক্ৰান্ত ৰোগীসকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনো সাজু হৈ উঠিছে । জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা জিলাখনৰ লেজাই কালাখোৱা, জকাই আৰু টেঙাখাত আদৰ্শ চিকিৎসালয়ত ৰোগীসকলৰ বাবে ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে । লেজাই কলাখোৱাত ৬৮ খন, জকাইত ৭২ খন আৰু টেঙাখাত আদৰ্শ চিকিৎসালয়ত ৬০ খনকৈ মুঠ ২০০ খন বিচনাৰ উপৰিও যাৱতীয় সা-সুবিধা উপলব্ধ হোৱাকৈ চিকিৎসা সেৱা প্ৰদানৰ বাবে ইতিমধ্যে চিকিৎসালয় কেইখন প্ৰস্তুত কৰি তোলা হৈছে ।
ডিব্ৰুগড়ত ক'ভিড ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে কেইবাখনো চিকিৎসালয় - ডিব্ৰুগড়ত মুঠ ২০০ খন বিচনা সাজু কৰি তোলা হৈছে
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত কেইবাখনো চিকিৎসালয়ত ক'ভিড ৰোগীৰ বাবে বিচনা, অক্সিজেন চিলিণ্ডাৰ সাজু কৰি তোলা হৈছে । জিলাখনৰ লেজাই কলাখোৱাত ৬৮ খন, জকাইত ৭২ খন আৰু টেঙাখাত আদৰ্শ চিকিৎসালয়ত ৬০ খনকৈ মুঠ ২০০ খন বিচনাৰ উপৰিও যাৱতীয় সা-সুবিধা উপলব্ধ হোৱাকৈ চিকিৎসা সেৱা প্ৰদানৰ বাবে ইতিমধ্যে চিকিৎসালয় কেইখন প্ৰস্তুত কৰি তোলা হৈছে ।
উল্লেখযোগ্য যে, এই চিকিৎসালয়সমূহত ক'ভিড ৰোগীসকলক লাগতিয়াল ঔষধৰ লগতে অক্সিজেন আৰু অন্যান্য চিকিৎসা সেৱাসমূহ প্ৰদানৰ বাবে সু-ব্যৱস্থা কৰা হৈছে । লগতে চাবুৱাত ৫৫ খন আৰু লেঙেৰী আদৰ্শ চিকিৎসালয়তো ৭০ খনকৈ বিচনাৰ সৈতে ক'ভিড ৰোগীসকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে দুই এদিনতে কাৰ্যক্ষম হৈ উঠাকৈ ক'ভিড কেয়াৰ চেণ্টাৰৰ কাম পূৰ্ণ গতিত চলি আছে । সেয়েহে অসম চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও এই আটাইকেইখন চিকিৎসালয়ত মুঠ ৩২৫ খন কৈ বিচনাসহিতে ক'ভিড ৰোগীসকলক চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক: কোকৰাঝাৰত ডেৰ শতাধিক লোক ক’ৰণাত আক্ৰান্ত
TAGGED:
Dibrugarh Covid care centre