মৰাণ, 9মে': ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ দৈনিক বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ক’ভিড-19ৰ সংক্ৰমণ সম্পৰ্কে এতিয়াও কিছুসংখ্যক লোকৰ মাজত সজাগ সচেতনৰ অভাৱ ৷ টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাৰ সহযোগত টেঙাখাত ৰাজহ চক্ৰৰ অন্তর্গত ক'ভিড ১৯ৰ সংক্ৰমণ প্ৰভাৱিত স্থান আৰু চাহ বাগিচাৰ এলেকা সমূহত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ক'ভিড ১৯ প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷
টেঙাখাতত ক'ভিড ১৯ প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা সভা - ডিব্ৰুগড় জিলা
টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত ক'ভিড ১৯ৰ সংক্ৰমণ প্ৰভাৱিত স্থান আৰু চাহ বাগিচাৰ এলেকা সমূহত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ক'ভিড ১৯ প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা সভা ৷ চাহ বাগিচা এলেকা সমূহত কৰ্মচাৰী সকলৰ মাজত মাস্ক বিতৰণ ৷ দেওবাৰৰ পৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন চাহ বাগিচাৰ এলেকাত ক'ভিড টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ৷
![টেঙাখাতত ক'ভিড ১৯ প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা সভা covid awarness programme in tengakhat by local administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11700358-1020-11700358-1620574728102.jpg)
প্ৰশাসনৰ উদ্যোগত টেঙাখাটত ক'ভিড ১৯ প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা সভা
ইয়াৰ উপৰিও চাহ বাগিচা এলেকা সমূহত কৰ্মচাৰী সকলৰ মাজত মাস্ক বিতৰণৰ কৰাৰ এক প্ৰচেষ্টা গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে, দেওবাৰৰ পৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন চাহ বাগিচাৰ এলেকাত ক'ভিড টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক :১৬৪ জন চিকিৎসকৰ নিযুক্তিত অনুমোদন ত্ৰিপুৰাৰ মন্ত্ৰী পৰিষদৰ