মৰাণ, ১১ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত বিদ্যালয়ৰ ছাত্ৰ ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতে কৰ'ণাক লৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন। ডিব্ৰুগড় জিলাৰ ক'ভিড-১৯ পৰিস্থিতি পৰ্যালোচনাৰ বাবে এখন সভা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণা কেম্প্ৰাই, আৰ এম আৰ চি, এ এম চি এইচৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত উপায়ুক্ত ঝাই স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলক ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ, তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা আদি নিয়মাৱলীৰ কঠোৰ পালন নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
ক'ভিড-১৯ক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন - As10031
ডিব্ৰুগড়ত বিদ্যালয়ৰ ছাত্ৰ ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতে কৰ'ণাক লৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । প্ৰতিদিনে অতিকমেও ১০০০ জন লোকৰ ক'ভিড-১৯ পৰীক্ষা কৰিবলৈ আৰু পৰিস্থিতিৰ ওপৰত স্বাস্থ্য বিভাগক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তই ।
ক'ভিড-১৯ক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন
সভাত উপায়ুক্ত ঝাই প্ৰতিদিনে অতিকমেও ১০০০ জন লোকৰ ক'ভিড-১৯ পৰীক্ষা কৰিবলৈ আৰু পৰিস্থিতিৰ ওপৰত স্বাস্থ্য বিভাগক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷
লগতে পঢ়ক:পুনৰ উপলুঙা অসমীয়া ভাষা: ডিফুত বাংলা ভাষাত স্বচ্ছ সৰ্বক্ষেণৰ বৃহৎ হৰ্ডিং