অসম

assam

নাৰ্চ : নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা

By

Published : Jun 3, 2021, 8:45 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উজনিৰ ক’ভিড আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হাৰত বৃদ্ধি পোৱা এখন জিলা ৰূপে পৰিগণিত হৈছে ডিব্ৰুগড় জিলা ৷ চিকিৎসা সেৱাৰৰ গুৰু দ্বায়িত্বত থকা নাৰ্চ সকলৰ সেয়ে একপ্ৰকাৰ জীৱনৰ বাবে আটাইতকৈ কঠিন তথা প্ৰত্যাহ্বান মূলক সময় হৈ পৰিছে এইখিনি ।

covid-19 warriors nurses
নিজৰ জীৱনকো তুচ্ছ কৰি নাৰ্চ সকলে কৰি গৈছে চিকিৎসা সেৱা

ডিব্ৰুগড়, 3 জুন :ক’ৰণাৰ বিভিষিকাৰ গৰাহত এতিয়া মানৱ জাতি । এই বিভিষিকাৰ পৰা কভিড আক্ৰান্ত সকলৰ লগত দিনে নিশাই ছাঁটোৰ দৰে লাগি থাকি ৰোগী সকলক পৰিচৰ্যা কৰে ফ্ৰণ্ট লাইন ৱৰ্কাৰ হিচাপে নাৰ্চ সকলে । সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অৰ্হনিশে ক’ভিড সেৱাত বৰ্তি আছে নাৰ্চ সকল । ক’ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ সময়ত এতিয়া পূৰ্বতকৈ দুগুণ দ্বায়িত্বভাৰ বাহিছে নাৰ্চ সকলৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উজনিৰ ক’ভিড আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হাৰত বৃদ্ধি পোৱা এখন জিলা ৰূপে পৰিগণিত হৈছে ডিব্ৰুগড় জিলা ৷ চিকিৎসা সেৱাৰৰ গুৰু দ্বায়িত্বত থকা নাৰ্চ সকলৰ সেয়ে একপ্ৰকাৰ জীৱনৰ বাবে আটাইতকৈ কঠিন তথা প্ৰত্যাহ্বান মূলক সময় হৈ পৰিছে এইখিনি ।

জানিব পৰা মতে, ডিব্ৰুগড়ৰ জিলাত মুঠ 10 টা ক’ভিড কেয়াৰ কেন্দ্ৰত প্ৰায় 106 গৰাকী নাৰ্চে চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷ এই দহটা চেন্টাৰৰ ভিতৰত 5 খন ম’ডেল হাস্পতালো আছে । ইফালে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ প্ৰায় 350 গৰাকী নাৰ্চে ক’ভিড ৰোগীৰ চিকিৎসাত নিয়োজিত হৈ আছে । উল্লেখ যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ ইয়াৰে একাংশ নাৰ্চে স্বেচ্ছাসেৱক ভাবেও নিজৰ দৈনিক চিকিৎসা সেৱাৰ আগবঢ়োৱাৰ ওপৰি অতিৰিক্তভাৱে ক’ভিড ৰোগীৰ চিকিৎসা সেৱা কৰাত নিয়োজিত হয় ।

নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা

এনেদৰেই নিজ জীৱনক উচৰ্গা কৰি মানৱ সেৱা আগবঢ়াই যোৱা এই সকল ক’ভিড যোদ্ধাৰো আছে নিজৰ এখন ঘৰ য'ত আছে তেওঁলোকৰ আপোন জন আৰু এটা পৰিয়াল । যাৰ কথাও এই সকল ক’ভিড যোদ্ধাই নিজ কৰ্তব্যৰ মাজতো কদাপি পাহৰিব নোৱাৰে । তেওঁলোকৰ কাৰোবাৰ আছে হয়তো কণমানি সন্তান আৰু কোনোৱা বয়োজ্যষ্ঠ আত্মীয় । ক’ভিড ৰোগীৰ একেবাৰে কাষত গৈ সেৱা প্ৰদান কৰা এই সকল নাৰ্চে নিজ ঘৰখনলৈও উভতি যাব লাগে । তাক লৈও কেতিয়াবা তেওঁলোক শংকিত হৈ পৰে ৷

ক’ভিডৰ সৈতে মোকাবিলাৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে, মানসিক শক্তি । ইমানবোৰ বাধ্যবাধকতা আৰু নিজৰ জীৱনলৈ সংশয় থকাৰ পিচতো ক’ভিড ৰোগীৰ স্বাস্থ্য উন্নত কৰাৰ বাবে মানসিকভাৱেও নাৰ্চ সকলে দিছে অন্য এক শক্তি । তাৰ মাজতে ঈশ্বৰ প্ৰাপ্তিৰ আত্মিক স্পৰ্শৰে ৰোগীৰ মনোবল গঢ়ি তুলিবলৈ নিতৌ সন্ধিয়া এই সকল নাৰ্চে ৰোগী সকলক লৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড বাৰ্ডত কৰে প্ৰাৰ্থনা ।

য'ত কেতিয়াবা আত্মীয়ই কাষ এৰি দিয়ে । য'ত কেতিয়াবা অসহায় হৈ পৰে একোজন ক’ভিড ৰোগী, সেই সকলৰ উশাহৰ দৰে লগতে থাকি জীৱন প্ৰাপ্তিৰ সন্ধান দিবলৈ যেন দৃঢ় প্ৰতিজ্ঞা এই সকল ক’ভিড যোদ্ধা । কি গ্ৰীণ জ'ন কি ৰেড জ'ন সকলো নেওচি, এই অতিমাৰিৰ অন্ধকাৰৰ সময়তো এই সকল যোদ্ধাই উচৰ্গিছে নিজ জীৱনক মানৱ সেৱাৰ পৱিত্ৰ কৰ্মত, যাৰ বাবে হয়তো আপোনাৰ মনৰ পৰাও তেওঁলোকৰ বাবে ওলাই আহিব "হে যোদ্ধা তোমাক চালাম"।

লগতে পঢ়ক :কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়ালক সহায় লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details