মৰাণ, 17মে' :অৱশেষত প্ৰায় 41 দিনৰ অন্ততঃ আঠমহীয়া কন্যা সন্তানৰ সৈতে মিলন হ'ল মৰাণৰ পল্লৱী চাহু নামৰ এগৰাকী নাৰ্চৰ ৷ মাতৃ আৰু কন্যা সন্তানৰ মিলনৰ এক আৱেগিক মুৰ্হূতৰ সাক্ষী হৈ ৰ'ল মৰাণৰ পিয়লি নগৰবাসী ৷ কৰ'ণাৰ এই ভয়াৱহ সময়চোৱাত জিএনএম নাৰ্চগৰাকীয়ে নিজৰ লগতে পৰিয়ালৰ কথা চিন্তা নকৰি বিগত 6 এপ্ৰিলৰ পৰা গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছিল ৷
কোভিড-19 যোদ্ধাঃ সুদীৰ্ঘ 41 দিনৰ অন্তত 9 মহীয়া সন্তানক প্ৰত্যক্ষ কৰিলে মাতৃয়ে - 9 মহীয়া সন্তানক প্ৰত্যক্ষ
জি এন এম নাৰ্চগৰাকীয়ে নিজৰ লগতে পৰিয়ালৰ কথা চিন্তা নকৰি বিগত 6 এপ্ৰিলৰ পৰা গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছিল ৷
৪১ দিনৰ অন্তত মিলন মাতৃ-কন্যাৰ
আনহাতে 41 দিনৰ অন্তত আজি নিজৰ সন্তানৰ ভেকচিনৰ বাবে মৰাণত উপস্থিত হোৱাৰ পিছতে নাৰ্চগৰাকীক মৰাণৰ বহুকেইটা দল-সংগঠনে ফুলাম গামোচাৰে আদৰণি জনায় ৷
লগতে পঢ়কঃউপায়ুক্ত,আৰক্ষী অধীক্ষক, স্বাস্থ্য বিষয়াৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ