ডিব্ৰুগড়, 14 মে': ৰাজ্যত অব্যাহত আছে ক'ৰণা ভাইৰাছৰ ভয়াৱহ ৰূপ ৷ প্ৰতিদিনেই দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুনৰ ডিব্ৰুগড়ত মৃত্যু হৈছে 6 জন ক'ভিড আক্ৰান্তৰ ৷
ডিব্ৰুগড়ত ক'ভিড সন্ত্ৰাস: মৃত্যু হোৱা লোকৰ সংখ্যা 72 লৈ বৃদ্ধি - Covid-19 situation become worst at Dibrugarh
শুকুৰবাৰে ডিব্ৰুগড় জিলাত পুনৰ 6 জন ক'ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ পাছতে সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
![ডিব্ৰুগড়ত ক'ভিড সন্ত্ৰাস: মৃত্যু হোৱা লোকৰ সংখ্যা 72 লৈ বৃদ্ধি covid-19-situation-become-worst-at-dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11761854-thumbnail-3x2-p1.jpg)
ডিব্ৰুগড়ত ক'ভিড সন্ত্ৰাস: মৃত্যৰ সংখ্যা 72 লৈ বৃদ্ধি
আনহাতে, শুকুৰবাৰৰ দিনটোত জিলাখনত নতুনকৈ ক'ভিডত আক্ৰান্ত হয় 402 গৰাকী লোক ৷ ইয়াৰ লগে লগে ডিব্ৰুগড়ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হলগৈ 72 জন ৷ ইয়াৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হ’লগৈ মুঠ 6756 গৰাকী ৷
লগতে পঢ়কঃক'ভিড বিধিত উপেক্ষিত চাহ বাগিচা কৰ্মী: 2 বজৰ পৰিৱৰ্তে 4 বজালৈ কাম