অসম

assam

ETV Bharat / state

মৰাণত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা - পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলত সৰ্বমুঠ 267 জন ক'ভিড ৰোগী

শনিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত মুঠ 55 জন লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ৷ বৃহত্তৰ মৰাণত বৰ্তমান সময়লৈ মুঠ 14 জন লোকৰ ক'ভিড আক্ৰান্তহৈ মৃত্যু ৷

covid-19-positive-cases-increase-daily-at-moran
মৰাণত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা

By

Published : May 15, 2021, 10:44 PM IST

মৰাণ,15 মে': ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ প্ৰতিদিনেই প্ৰায় প্ৰতিখন জিলাতে ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ ইয়াৰ মাজতে শনিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত মুঠ 55 জন লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ৷ তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ 49 জন, 5 জন চৰাদেউ জিলাৰ আৰু 1 জন শিৱসাগৰ জিলাৰ নিৱাসী ৷ ইয়াৰ লগে লগে শনিবাৰৰ দিনটোলৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ক'ভিড ৰোগী সংখ্যা মুঠ 1,115 গৰাকীলৈ বৃদ্ধি পালে । ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত শনিবাৰে 27 জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ ইয়াৰ লগে লগে পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলত সৰ্বমুঠ 267 জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷

মৰাণত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা

চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলকে হোম আইছলেশ্যনত ৰখা হৈছে ৷ দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 1,382 জন লোক ক'ভিডত আক্ৰান্ত হৈছে । ইফালে মৰাণ কুশল নগৰৰ নিবাসী চতেলাল মাহাতো (58) শুকুৰবাৰে নিশা লেঙেৰী ক'ভিড কেয়াৰ চেণ্টাৰত আৰু ভামুন চাহ বাগিচাৰ 2 নং লাইনৰ জয়ৰাম চাহু (75) অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । বৃহত্তৰ মৰাণত বৰ্তমান সময়লৈ মুঠ 14 জন লোকৰ ক'ভিড আক্ৰান্তহৈ মৃত্যু ঘটে ৷

লগতে পঢ়কঃক'ভিড পৰিস্থিতিৰ বুজ লবলৈ ডিমা হাছাওত মন্ত্ৰী যোগেন মহন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details