নাহৰকটীয়া,২২জুলাইঃ ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে আজি নামৰূপ আৰক্ষী চকীত কৰ্মৰত জয়পুৰৰ পুনি মেচ পাল নামৰ এগৰাকী মহিলা আৰক্ষী ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে।জানিব পৰা মতে,পুনি মেচ পাল বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা ১৯ জুলাইৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ মৰণোত্তৰ পৰীক্ষাতহে ধৰা পৰে দেহত ক'ভিড-১৯ ৰোগৰ অৱস্থিতিৰ তথ্য।
ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মহিলা আৰক্ষীয়ে - বৃক্ক ৰোগ
পুনি মেচ পাল বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা ১৯ জুলাইৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ মৰণোত্তৰ পৰীক্ষাতহে ধৰা পৰে দেহত ক'ভিড-১৯ ৰোগৰ অৱস্থিতিৰ তথ্য।
![ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মহিলা আৰক্ষীয়ে COVID 19 DEATH CASE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8131900-189-8131900-1595436274869.jpg)
ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জয়পুৰ শাখাৰ সভাপতি তৰুণ পালৰ পত্নী মৃত পুনি মেচ পাল মহিলা আৰক্ষী হোৱাৰ লগতে প্ৰতিভাসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলিবল খেলুৱৈ আছিল । ৩২ বছৰীয়া পুনি মেচ পালে মৃত্যুৰ সময়ত স্বামী তৰুণ পালৰ লগতে এটি কণমানি পুত্ৰ সন্তান ইহসংসাৰত এৰি থৈ যায়।ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই পুনি মেচ পালৰ অনাকাংক্ষিত মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে বৃহস্পতিবাৰে ডিব্ৰুগড় সংৰক্ষিত আৰক্ষী চাউনীত আৰক্ষীৰ নীতি নিয়ম অনুসৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। দীৰ্ঘদিন ধৰি প্ৰশাসনিক সেৱা আগবঢ়োৱা পুনি মেচৰ মৃত্যুৎ শোকৰ ছাঁ পৰিছে এতিয়া নামৰূপতো ৷
লগতে পঢ়কঃউত্তৰ প্ৰদেশ চৰকাৰক গুণ্ডাৰাজ অভিহিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ