অসম

assam

ETV Bharat / state

Rahul Gandhi disqualify issue: লোকসভাৰ বাহিৰতো ৰাহুল গান্ধীয়ে মিছা কথা কয়; ৰামেশ্বৰ তেলী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিচতেই দেশজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্কৰ (Reaction on Rahul Gandhi)। ইয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । কংগ্ৰেছৰ নেতাগৰাকীয়ে লোকসভাতো মিছা কথা কয় বুলি মন্তব্য় কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

By

Published : Mar 26, 2023, 1:58 PM IST

Rameshwar Teli react on Rahul Gandhi
ৰাহুল গান্ধী সন্দৰ্ভত ৰামেশ্বৰ তেলীৰ প্ৰতিক্ৰিয়া

ৰাহুল গান্ধী সন্দৰ্ভত ৰামেশ্বৰ তেলীৰ প্ৰতিক্ৰিয়া

মৰাণ, ২৬ মাৰ্চ:কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক বৃহস্পতিবাৰে ২০১৯ চনত তেওঁৰ 'মোডী উপাধি' সন্দৰ্ভত কৰা এটা মন্তব্যৰ বাবে মানহানিৰ গোচৰত গুজৰাটৰ চুৰাটৰ আদালতে দুবছৰৰ কাৰাদণ্ড বিহে । এই কাৰাদণ্ডৰ এদিন পিচতে তেওঁক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হয় (Rahul Gandhi disqualified from Lok Sabha)। ৰাহুল গান্ধীক আদালতে এই গোচৰত দোষী সাব্যস্ত কৰাৰ লগে লগে খাৰিজ কৰা হৈছে তেওঁৰ সাংসদ পদ । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাক লৈ দেশজুৰি চর্চা আৰু বিতৰ্ক অব্যাহত থকাৰ মাজতে দেওবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, "ৰাহুল গান্ধীয়ে 'মোদী চৌৰ হ্যে' বুলি কৈ সমগ্ৰ মোডী উপাধিধাৰীক অপমান কৰিছে ।" মহামান্য আদালতে সঠিক ৰায় দিছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Rameshwar Teli react on Rahul Gandhi)। ইফালে, এক সংবাদমেলত ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষই কথা কোৱাৰ সুযোগ নিদিলে বুলি কৰা মন্তব্য সন্দৰ্ভত তেলীয়ে কয়, "ৰাহুল গান্ধীয়ে লোকসভাতো মিছা কথা কয়, বাহিৰতো মিছা কথা কয় ।"

উল্লেখ্য় যে, 2019 চনৰ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে মোডীক লৈ বিৰ্তকিত মন্তব্য কৰিছিল । ইপিনে, আদালতে ৰাহুল গান্ধীৰ জামিনত অনুমোদন জনোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰাকৈ 30 দিনৰ বাবে তেওঁৰ শাস্তি স্থগিত ৰাখে ৷ আদালতৰ ৰায়দানৰ পাচতেই কেৰালাৰ ৱায়ানাদ সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছিল । ইয়াৰ পাচতেই সমগ্ৰ ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰে । উল্লেখ্য যে, কংগ্ৰেছৰ যুৱৰাজ মোডী উপাধিক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰাৰ বাবেই ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আদালতে (Rahul Gandhi disqualify news)।

লগতে পঢ়ক:Minister Atul Bora on Rahul Gandhi : ৰাজনৈতিক অপৰিপক্বতাৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে; মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details