মৰাণ, ১৩ ফেব্ৰুৱাৰীঃ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই । দুৰ্নীতিকাৰীক হাত উজান দিয়া বিধায়ক গৰাকীক এতিয়া একেমুখে ধিক্কাৰ দিছে সমষ্টিবাসী ৰাইজে। মৰাণ সমষ্টিৰ বামুণবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ ৱাৰ্ডৰ দুৰ্নীতি সংঘটিত বুলি অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে। চৰকাৰী আবাসৰ নামত পৰিষদৰ সদস্য,পঞ্চায়ত সভানেত্ৰী আৰু ঠিকাদাৰ মিলি লুন্ঠন চলোৱাৰ অভিযোগত জাঙুৰ খাই উঠিছে ৱাৰ্ডটোৰ ৰাইজ ৷ যাৰ বাবে বৃহস্পতিবাৰে অঞ্চলবাসী ৰাইজে দলে বলে ওলাই আহি সাংবাদিকক দেখুৱাইছে লুন্ঠন চলোৱা প্ৰতিটো চৰকাৰী আবাস গৃহৰ দৃশ্য ।
হিতাধিকাৰীৰ অভিযোগ অনুসৰি, অতি লেমেহীয়া গতিত নিৰ্মাণ কৰা গৃহসমূহ নিম্ন মানদণ্ডৰে বনোৱাৰ ফলত কোনো কোনো ঘৰৰ দেৱালসমূহ নিৰ্মাণৰত অৱস্থাতে ভাগি পৰিছে । তাৰোপৰি দেৱাল সমূহৰ ইটা গাঠনি সমূহ উন্নত নোহোৱাত ফাঁট মেলাৰ অভিযোগ উত্থাপন কৰে হিতাধিকাৰীসকলে ৷ যাৰ বাবে এতিয়া শংকিত হৈছে দৰিদ্ৰ পৰিয়ালকেইটা। ইয়াৰোপৰি হিতাধীকাৰীয়ে নিজ গৃহৰ কামৰ নামত পাব লগা পাৰিশ্ৰমিকো পোৱা নাই কোনো হিতাধিকাৰীয়ে। পৰিতাপৰ কথা যে,পৰিষদৰ সদস্য প্ৰদীপ দত্তই হিতাধিকাৰীৰ একাউন্টত সোমোৱা আবাস গৃহৰ ধনৰ লগতে দুই এজন হিতাধিকাৰীয়ে পৰিশ্ৰম কৰি সাচি থোৱা ধন সমূহো তেওঁলোকৰ একাউন্টৰ পৰা উলিয়াই নিয়া বুলি অভিযোগ কৰে ।