মৰাণ,২৯ জুন :উৎকোচ পৰম্পৰা বন্ধৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে ৰাজ্য চৰকাৰ (Assam government zero tolerance against corruption)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই ক্ষেত্ৰত সকলোকে সকীয়াই দিছে । আনহাতে তেওঁ নিজেও ঘোষণা কৰিছিল যে চৰকাৰী কোনো আঁচনিৰ নামত এটকাও উৎকোচ ল'ব নোৱাৰিব । চৰকাৰী আঁচনিৰ নামত অনিয়ম সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ।
কিন্তু তেনে সময়তে মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি মাহমৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে (Corruption in PMAY at Mahmora)। মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বিজেপি কৰ্মীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি উদয়পুৰ গাঁও পঞ্চায়তৰ ৰঙাবাম গাঁৱৰ জীৱনদৈ গগৈ নামৰ বৃদ্ধাগৰাকীৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰিছে স্থানীয় ঠিকদাৰে ।