অসম

assam

ETV Bharat / state

চাবুৱাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি - চেতিয়া

ডিব্ৰুগড় জিলাৰ চাবুৱাত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ নিৰ্মাণৰ 7 দিন পাচতেই চপৰা-চপৰে এৰিছে ব্লেক টেপিং ৷ বিধায়ক তথা ঠিকাদাৰে নিজৰ ময়মতালিৰে পথটি নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

চাবুৱাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি
চাবুৱাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

By

Published : Jan 11, 2021, 11:32 AM IST

ডিব্ৰুগড়,11 জানুৱাৰী:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত পথ নিৰ্মাণত ঠিকাদাৰে চলাইছে দুৰ্নীতি ৷ বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

চাবুৱাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

উল্লেখ্য যে, নাদুৱা গ্ৰান্ট গাঁও আৰু চেতিয়া গাঁৱৰ সংযোগী পথটো নিৰ্মাণ কৰা ৭ দিন পাৰ হ‌ওঁতেই চপৰা-চপৰে এৰিছে ব্লেক টেপিং । নিৰ্মাণৰ আগমুহূৰ্তত বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ উজ্জ্বল বৰুৱাই ময়মতালিৰে এই পথটি নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, এই ক্ষেত্ৰত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক অৱগত কৰা হৈছে যদিও বিধায়কগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

এই পথটি নিৰ্মাণৰ ক্ষেত্ৰত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই কমিচনৰ অংকত জড়িত থকা বুলিও গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ৰাইজে পথটো নিৰ্মাণৰ মানদণ্ড উন্নত কৰিবলৈ ঠিকাদাৰক অৱগত কৰিছিল যদিও ঠিকাদাৰে ৰাইজৰ কথা আওকাণ কৰি পথটো নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

অন্য এক খবৰৰ বাবে: কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details