মৰাণ,13 জুন: বোকাময় পথে জলা-কলা খুৱাইছে সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ উদয়শ্ৰী গাঁও পঞ্চায়তৰ লোকক ৷ পথ নিৰ্মাণৰ নামত দুৰ্নীতি(Corruption in road construction) হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷
চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ উদয়শ্ৰী গাঁও পঞ্চায়তত এটি পথৰ শিলনীকৰণৰ নামত ধন আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ । জানিব পৰা মতে, ২০১৭-১৮ বৰ্ষতে চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত উদয়শ্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ আটাল চিৰাখোৱা আলিৰ হাচদা চুকৰ পথটি ৩২,৫০০০ টকা ব্যয় সাপেক্ষে অনুমোদন কৰা হয় ৷
কিন্তু ২০২০ বৰ্ষতহে উক্ত কাম আৰম্ভ কৰে জ্যোতিপ্ৰসাদ গগৈ নামৰ ঠিকাদাৰজনে । ইফালে ৱাৰ্ড সদস্য মানসী টুডু আৰু সাপেখাতী মণ্ডল বিজেপিৰ সম্পাদক জ্যোতিপ্ৰসাদ গগৈয়ে মাত্ৰ কেইগাড়ীমান শিল পেলাই কামৰ সামৰণি মাৰি সম্পূৰ্ণ ধন আত্মসাৎ কৰে বুলি জানিবলৈ দিয়ে ৰাইজে ।