অসম

assam

ETV Bharat / state

মৰাণৰ শান্তিবন শ্মশানৰ উন্নয়নত ব্যাপক অনিয়ম - শ্মশান

মৰাণৰ শান্তিবন শ্মশান উন্নয়নৰ নামত সংঘটিত হৈছে ব্যাপন অনিয়ম ৷ অভিযোগ অনুসৰি বোকাময় পথেৰে শ্মশানলে যাব লাগে সাধাৰণ ৰাইজে ৷ উন্নয়নমূলক কামত বিংসগতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

Corruption in development of Shantiban crematorium in Moran e
মৰাণৰ শান্তিবন শ্মশানৰ উন্নয়নত ব্যাপক অনিয়ম

By

Published : Aug 20, 2021, 9:33 PM IST

মৰাণ, 20 আগষ্ট :ডিব্ৰুগড় জিলাৰ মৰাণস্থিত এখন শ্মশানৰ উন্নয়ন তথা গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱা অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা মৰাণ বিধানসভা সমষ্টিৰ দিখাৰী মৰাণ গাঁও পঞ্চায়তৰ মৰাণ টাউনত থকা শান্তিবন শ্মশান উন্নয়নৰ নামত ২০১৯-২০ বৰ্ষত ১৫ লাখ টকাৰ আৱন্টন দিয়া হৈছিল ৷

অসম চৰকাৰৰ আনটাইড ফাণ্ড (Untied Fund)ৰ অধীনত আৱন্টিত কৰা হৈছিল এই টকা ৷ তথ্য অনুসৰি, শান্তিবন শ্মশানৰ উন্নয়নমূলক কামৰ উদ্বোধন কৰিছিল বিধায়ক চক্ৰধৰ গগৈয়ে ৷ কিন্তু অতি পৰিতাপৰ বিষয়, উক্ত কামৰ ঠিকা লাভ কৰা ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ।

মৰাণৰ শান্তিবন শ্মশানৰ উন্নয়নত ব্যাপক অনিয়ম

স্থানীয় লোকে অভিযোগ কৰা মতে, শ্মশানখনৰ উন্নয়নমূলক কামসমূহ একাবাৰে লেহেমীয়া গতি হৈছে ৷ শ্মশানখনৰ গৃহ সমূহ যিধৰণে নিৰ্মাণ কৰিব লাগিছিল সেই ধৰণে নিৰ্মাণ কৰা হোৱা নাই ৷ মুনাফা লাভৰ উদ্দেশ্যে অতি নিম্নমানৰ সামগ্ৰীৰে শান্তিবন শ্মশানৰ উন্নয়নমূলক কামবোৰ কৰা হৈছে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..

ইফালে, শ্মশানলৈ যোৱা পথৰ দুৰৱস্থাৰ বাবেও সাধাৰণ লোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ স্থানীয় লোকে সদৰি কৰা মতে, পথটো বছৰৰ 12 মাহে পানীত ডুব গৈ থাকে ৷ বাৰিষাৰ কালত পথটো বোকাময় হৈ পৰাত শ্মশনালৈ যাবলৈ হ'লে এশবাৰ ভাবিলগীয়া হয় সাধাৰণ ৰাইজে ৷

উল্লেখ্য যে, স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শ্মশানখনৰ উন্নয়মূলৰ কামৰ সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ এনে পৰিপেক্ষিতত ডিব্ৰুগড় জিলাৰ উপায়ু্ক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শ্মশানখনৰ উন্নয়নমূলক কামত সংঘটিত হোৱা অনিয়মৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক:শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

ABOUT THE AUTHOR

...view details