অসম

assam

ETV Bharat / state

দুজন ঠিকাদাৰে 6 বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে এখন দলং - দেউৰী জনগোষ্ঠী

এখন দলং নিৰ্মাণৰ বাবে আৱণ্টন কৰা হ'ল প্ৰায় 1.5 কোটি টকা ৷ দলংখন নিৰ্মাণৰ বাবে ঠিকা দিয়া হ'ল দুগৰাকী ঠিকাদাৰক ৷ কিন্তু 6 বছৰ অতিক্ৰম কৰাৰ পাচতো সম্পূৰ্ণ নহ'ল দলংখনৰ নিৰ্মাণ কাৰ্য ৷

Corruption in bridge construction
6 বছৰে সম্পূৰ্ণ নহ'ল থাওৰাৰ এখন দলঙৰ নিৰ্মাণ কাৰ্য

By

Published : Jul 15, 2021, 10:01 PM IST

মৰাণ, 15 জুলাই : দুজন ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰা থাওৰা সমষ্টিৰ ১.৫ কোটি টকাৰ এখন বিশেষ দলং ৷ যিখন দলঙে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভোগাই আহিছে ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ৰাইজক ৷ দলংখনৰ দুটা খুঁটা নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে নিবিদা লাভ কৰা ঠিকাদাৰে ৷

২০১৬ বৰ্ষত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা কোটি কোটি টকা ব্যয় সাপেক্ষে থাওৰা সমষ্টিৰ কেইবাটাও পথ আৰু দলং নিৰ্মাণ কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ সেই সময়তে শতাধিক ৰাইজৰ বাবে যাতায়তৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই অনা এই দলংখনৰো আধাৰশিলা স্থাপন কৰা হৈছিল ৷ কিন্তু পৰিতাপৰ বিষয় 2016 পৰা আজিৰ দিনটোলৈকে প্ৰায় 6 বছৰতকৈ অধিক কাল পাৰ হৈ যোৱাৰ পাচতো সম্পূৰ্ণ নহ'ল দলংখনৰ নিৰ্মাণ কাৰ্য ৷

6 বছৰে সম্পূৰ্ণ নহ'ল থাওৰাৰ এখন দলঙৰ নিৰ্মাণ কাৰ্য

দলংখন নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল দুগৰাকী ঠিকাদাৰে ৷ স্থানীয় লোক সদৰি কৰা মতে প্ৰথম গৰাকী ঠিকাদাৰে 70 মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ দুই মূৰে দুটা খঁটা নিৰ্মাণ কৰিয়ে কাম সামৰিলে ৷ থাওৰা বিধানসভা সমষ্টিৰ অৰ্ধনিৰ্মিত এই দলংখন ৰ বাবে এতিয়া হাৰাশাস্তি ভুগিব লগা হৈছে পানীদিহিঙৰ বৃহত্তৰ টেঙাপনীয়া দেউৰী ৰাইজে ।

টেঙাপনীয়াৰ ৰাইজে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰিছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগে ৷ ইয়াৰ সমান্তৰালভাৱে দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীকো অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ দেউৰী জনগোষ্ঠীৰ লোক সকলে বছৰটোৰ বিভিন্ন সময়ত বলিয়াবাবা থানলৈ অহা-যোৱা কৰাৰ লগতে খেতি পথাৰলৈ যাবলৈ দলংখনৰ প্ৰয়োজনীয়া বাৰুকৈয়ে অনুভৱ কৰে ৷ এনে পৰিপেক্ষিতত 6 বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা দলংখনৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক: ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details