মৰাণ, 7 জুলাই :ৰাজ্য চৰকাৰে চৰকাৰী আঁচনি ৰূপায়নত কোনো ধৰণৰ দুৰ্নীতি হ'বলৈ দিয়া নহ'ব বুলি ঘোষণা কৰা সময়তে ডিব্ৰুগড় মৰাণ বিধানসভা সমষ্টি (Moran Legislative Assembly)ত প্ৰতি আঁচনি ৰূপায়নতে ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে । সমষ্টিৰ বিধায়ক আৰু লোক নিৰ্মাণ বিভাগ (Lok Nirman Bhawan)ৰ বিষয়াৰ আশীৰ্বাদত ঠিকাদাৰে ৰাইজৰ অভাৱ অভিযোগক গুৰুত্ব নিদি কাম কৰাৰ ফলতে মৰাণৰ ঘোঁৰাঘাছত নিৰ্মাণৰ পাছতে বহি গ'ল পাঁচ কোটি টকীয়া দলঙৰ দুই মূৰ । মৰাণ বিধানসভা সমষ্টি (Moran Legislative Assembly)ৰ অন্তৰ্গত মৰাণৰ এম এন ৰোডৰ পৰা ঘোঁৰাঘাছ নং ১লৈ যোৱাতো বৰ্ষত নতুনকৈ নিৰ্মাণ কৰা পথছোৱাত তিলৈ নদীৰ ওপৰত থকা দলঙৰ দুই মূৰ বহি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (Pradhan Mantri Gram Sadak Yojana)ৰ অধীনত প্ৰায় পাঁচ কিঃমিঃ দৈৰ্ঘৰ পথছোৱা নিৰ্মাণৰ বাবে প্ৰায় পাঁচ কোটি টকাৰে যোৱাতো বৰ্ষত ঠিকাদাৰ হেমন্ত দুৱৰাই কাম সম্পূৰ্ণ কৰিছিল ৷ কিন্তু নিৰ্মাণৰ কামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিয়ে । উক্ত ঘটনা সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিয়ে মৰাণৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে ।