অসম

assam

ETV Bharat / state

মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

অভিযোগ অনুসৰি পঞ্চায়তটোৰ উন্নয়নৰ বাবে অহা লক্ষ লক্ষ টকা সঠিক ভাৱে ব্যৱহাৰ নহয় । এই ক্ষেত্ৰত স্থানীয় ৰাইজে আঙুলিয়াইছে পঞ্চায়ত সচিব দিলীপ বৰুৱালৈ । সচিবজনে পঞ্চায়তৰ পথ নিৰ্মাণকে ধৰি প্ৰতিটো কাম আধৰুৱা কৰি দায়িত্ব সামৰিব বিচাৰে ।

মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Dec 19, 2020, 4:04 PM IST

মৰাণ,19 ডিচেম্বৰঃমৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত প্ৰতিটো উন্নয়ন মূলক কামতে বেমেজালি সৃষ্টি হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত মৰাণৰ এটা সাংবাদিকৰ দল পঞ্চায়তটোত উপস্থিত হোৱাত পঞ্চায়তৰ কাম-কাজক লৈ ক্ষোভ প্ৰকাশ কৰে স্থানীয় একাংশ লোকে। অভিযোগ অনুসৰি পঞ্চায়তটোৰ উন্নয়নৰ বাবে অহা লক্ষ লক্ষ টকা সঠিক ভাৱে ব্যৱহাৰ নহয় । এই ক্ষেত্ৰত স্থানীয় ৰাইজে আঙুলিয়াইছে পঞ্চায়ত সচিব দিলীপ বৰুৱালৈ । সচিবজনে পঞ্চায়তৰ পথ নিৰ্মাণকে ধৰি প্ৰতিটো কাম আধৰুৱা কৰি দায়িত্ব সামৰিব বিচাৰে ।

মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আন এক অভিযোগ অনুসৰি চৰ্তুদশ বিত্তীয় আয়োগ ২০১৮-১৯ বৰ্ষৰ অধীনত ১ নং দুলিয়া লাহোৱাল ভাটিচুকৰ এটা অংগনবাদী চেণ্টাৰ ৰিপেয়াৰিঙৰ বাবে অনুমোদিত ২ লাখ টকাৰ কামৰ নামত সচিবজনে পূৰ্বতে নিৰ্মাণ হৈ থকা গৃহটো ৰং কৰাৰ লগতে চাৰিবেৰৰ ফেন্সিঙৰ কামহে কৰে । যিটো কামত বুজন পৰিমাণৰ ধন ৰাহি হ'ল বুলি ৰাইজে উল্লেখ কৰিছে । কেৱল ইমানেই নহয়, পঞ্চায়তত অনুষ্ঠিত হোৱা গাঁওসভা বিলাকটো ৰাইজক মন্তব্য দাঙি ধৰিবলৈ সুবিধা নিদিয়ে বুলি সাংবাদিকক জনায় । মুঠৰ ওপৰত পঞ্চায়ত সচিবজনে একনায়কত্ববাদ চলাইছে পঞ্চায়তটোত । এই ক্ষেত্ৰত স্থানীয় বিধায়কজনেও কোনো গুৰুত্ব নিদিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । সেয়ে পঞ্চায়তটোৰ উন্নয়ণৰ স্বাৰ্থত সচিবজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন মহলে ।

লগত পঢ়েকঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ

ABOUT THE AUTHOR

...view details