ডিব্ৰুগড়, 20 মে': বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগত সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দিপুৰঞ্জন মাক্ৰাৰীৰ গৃহ গাঁও পঞ্চায়তত মাৰবান্ধি ওলাই আহিল ৰাইজ ৷ অভিযোগ অনুসৰি মৰাণৰ সমীপৰ খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰা আৰম্ভ কৰি মুখ্য মন্ত্ৰীৰ কৃষি সঁজুলি আঁচনি, প্ৰধানমন্ত্ৰী আবাস যোজনা, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন আদি সকলো আঁচনিতে সংঘটিতে হৈছে ব্যাপক কেলেংকাৰী ৷ মৰাণ ৰাজহচক্ৰ অন্তৰ্গত এই পঞ্চায়তটোৰ বিভিন্ন ৱাৰ্ডত প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়ত সভাপতি দণ্ডি শইকীয়াই স্বজন-তোষনত লিপ্ত হোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷
খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ - কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ
অভিযোগ অনুসৰি মৰাণৰ সমীপৰ খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰা আৰম্ভ কৰি মুখ্য মন্ত্ৰীৰ কৃষি সঁজুলি আঁচনি, প্ৰধানমন্ত্ৰী আবাস যোজনা, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন আদি সকলো আঁচনিতে সংঘটিতে হৈছে ব্যাপক কেলেংকাৰী ৷
![খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ Corruption allegations by locals at Kolouluwa panchayat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7272346-thumbnail-3x2-p1.jpg)
খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ
খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ
একেদৰে 2 নং বুঢ়ীখোৱাং ৱাৰ্ডৰ ৱাৰ্ড সদস্য বিপুল শইকীয়ায়ো সীমাহীন দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ ৰাইজৰ অভিযোগ যোগ্য জনক আঁচনিৰ পৰা বঞ্চিত কৰি একেঘৰৰে দুই -তিনি হিতাধিকাৰীয়ে লাভ কৰিছে উক্ত আঁচনিৰ ধন । বহিঃ ৰাজ্যত কৰ্মৰত লোকৰ নামো আঁচনিখনৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ তুলিছে ৰাইজে ৷ এই সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে ক্ষোভিত ৰাইজে ৷
লগতে পঢ়কঃ অভয়াপুৰীৰ ধৰ্মপুৰত নাম-প্ৰসংগ চৰ্চা কণমাণি ছাত্ৰীৰ