ক'ৰোনা ত্ৰাসঃ কেৰেলাৰ পৰা অহা যুৱকক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত আতংক - কেৰেলাৰ পৰা অহা যুৱকক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত আতংক
বিগত তিনিদিনে জ্বৰ-কাহত ভূগি আছিল উক্ত যুৱকজন।

ডিব্ৰুগড়ত আতংক
ডিব্ৰুগড়, 20 মাৰ্চ : ক'ৰোনা ভাইৰাছৰ সন্দেহত কেৰেলাৰ পৰা অহা যুৱকক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ডিব্ৰুগড়ত সৃষ্টি হয় উত্তেজনাৰ । দৰাচলতে, কেৰেলাৰ পৰা চিৰিং চাপৰিৰ নিজা গৃহলৈ আহি আছিল এজন যুৱক। বিগত তিনিদিনে জ্বৰ-কাহত ভূগি আছিল উক্ত যুৱকজন। ইয়াকে লৈ তীব্ৰ আতংকৰ সৃষ্টি হয় অঞ্চলটোত । আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে ১০৮ মাতি যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। যুৱকজন ক'ৰোনা ভাইৰাছত আক্ৰান্ত হয় নে নহয় সেয়া পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব।