ডিব্ৰুগড়,21 মেঃ বৃহস্পতিবাৰে ডিব্ৰুগড়ত চিনাক্ত কৰা হয় জিলাখনৰ প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগী । বিগত 18 মে'ত শ্ৰমিক এক্সপ্ৰেছযোগে তামিলনাডুৰ পৰা আহিছিল ব্যক্তিগৰাকী । ইয়াৰ পিছত তেখেতক ডিব্ৰুগড়ৰ দেৱিকা হোটেলত কোৱাৰেন্টাইনত ৰখা হয় । ইতিমধ্যে লোকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
আনহাতে, তেখেতৰ সংস্পৰ্শলৈ অহা লোকসকলৰো তথ্য উলিওৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । লগতে ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টি অঞ্চলত থকা দেৱিকা হোটেলখনৰ এলেকাটো কন্টেইনমেন্ট জ'নলৈ পৰিৱৰ্তিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।