ডিব্ৰুগড়, ১২ অক্টোবৰ:বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰক লৈ বিতৰ্ক অব্যাহত আছে (Abahan theatre)। থিয়েটাৰৰ মঞ্চত এইবছৰৰ প্ৰদৰ্শিত নাট 'লভিতা'ক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lavita drama in Abahan theatre)।গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট 'লভিতা'ক বিকৃতভাৱে ভ্ৰাম্যমান থিয়েটাৰ আৱাহনে মঞ্চস্থ কৰা কাৰ্যক সমালোচনা কৰিছে বিভিন্নজনে । চৌদিশে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে সচেতন মহল (Dramatist Abhijeet Bhattacharya)।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতাক আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে(Minister Bimal Borah reaction lavita issue) । সমগ্ৰ বিষয়টো সন্দৰ্ভত যিহেতু বিদ্বান সমাজে সমালোচনা কৰিছে সেয়েহে নাট্য গোষ্ঠীটোৱে এই ক্ষেত্ৰত সুস্পষ্ট কৰি দিয়াটোৱে ভাল বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । আনহাতে সাংস্কৃতিক ক্ষেত্ৰখনত যি বিতৰ্ক সৃষ্টি হৈছে সেই ক্ষেত্ৰত নিৰাময়ৰ দায়িত্বও সংশ্লিষ্ট নাট্যগোষ্ঠীৰ । গতিকে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আহ্বান জনালে মন্ত্ৰী বিমল বৰাই ।