অসম

assam

ETV Bharat / state

কোনে গিলিলে বগীবিল দলঙৰ নিৰ্মানত জড়িত শ্ৰমিকৰ কষ্টোপাৰ্জিত ধন ? - ইটিভি অসম

বগীবিল দলঙৰ নিৰ্মাণৰ নিয়োজিত শ্ৰমিকে লাভ কৰা নাই পৰ্যাপ্ত মজুৰি ৷ দলঙৰ নিৰ্মাণৰ নামত আৱণ্টিত 1.70 কোটি টকা আত্মসাতৰ অভিযোগ নিৰ্মাণ কোম্পানী হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীৰ বিৰুদ্ধে ৷

বগীবিল দলঙৰ শ্ৰমিকৰ ধন আত্মসাতৰ অভিযোগ নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে

By

Published : Jun 3, 2019, 11:28 PM IST


ডিব্ৰুগড়, 3 জুন :১৮ বছৰ ধৰি নিৰ্মাণৰ লগত জড়িত শ-শ শ্ৰমিকৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰাৰ অভিযোগ খোদ নিৰ্মাণৰ লগত জড়িত এইছ চি চি কোম্পানীৰ লগতে তথাকথিত শ্ৰমিক সংগঠনৰ সভাপতি মৃদুল গগৈ,সাধাৰণ সম্পাদক তথা গায়ক বিশ্বজিৎ গগৈ যুটীয়া সম্পাদক জ্যোতি প্ৰসাদ বৰুৱা,বিষ্ণু প্ৰসাদ দাস আৰু বিত্ত সম্পাদক জ্যোতি প্ৰসাদ দাসৰ বিৰুদ্ধে।

বগীবিল দলঙৰ শ্ৰমিকৰ ধন আত্মসাতৰ অভিযোগ নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে

দলং নিৰ্মাণৰ কাম শেষ হোৱাৰ পাচত শ্ৰমিকৰ প্ৰাপ্য Final Facility ৰ অধীনৰ প্ৰায় ১.৭০ কোটি টকা ইউনিয়ন লিডাৰে আত্মসাৎ কৰি শতাধিক শ্ৰমিকক দিলে ৰামঠগন৷ অসহায় শ্ৰমিকে বাৰম্বাৰ বিষয়টোৰ সন্দৰ্ভত এইছ চি চি, জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰে যদি ৰহস্যজনক ভাবে নিমাত দুয়োটা দায়িত্বশীল বিভাগ৷ অৱশেষত অভিযোগ লৈ চিআইডিৰ কাষ চাপিছে ভুক্তভোগী শতাধিক শ্ৰমিক৷

উল্লেখ্য যে, ২০০২ চনত নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ সময়ত বগীবিল দলং নিৰ্মাণৰ বাজেট আছিল প্ৰায় ১৫০০ কোটি৷ কিন্তু এচাম বিষয়া ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবে নিৰ্মাণকাৰ্য শেষ হোৱা পৰ্যন্ত ইয়াৰ বাজেট হয়গৈ ৬০০০ কোটিতকৈ অধিক৷ ইয়াৰ পিছতো শ্ৰমিকৰ কষ্টোপাৰ্জিত ধনৰ ওপৰতো শেন চকু তথাকিত ঠিকাদাৰ আৰু শ্ৰমিকনেতাৰ৷

ABOUT THE AUTHOR

...view details