মৰাণ , ২২ ডিচেম্বৰ :২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰিছে । বড়ো ভূমি আৰু তিৱা স্বায়ত্ব পৰিষদত শেহতীয়াকৈ শাসক দল বিজেপিৰ সহজ জয়ৰ পিছতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ শাসক দলৰ মন্ত্ৰী, বিধায়ক আৰু দলীয় নেতাৰ মাজত অধিক উৎসাহ দেখিবলৈ পোৱা গৈছে । সমান্তৰালকৈ সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী প্ৰত্যাশী নেতাৰ ভিৰ বঢ়াও দেখিবলৈ পোৱা গৈছে । ইয়াৰ ব্যতিক্ৰম নহয় মৰাণ বিধানসভা সমষ্টি । মৰাণৰ শাসক দল বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পুনৰ দলীয় টিকট লাভ নকৰে বুলি খবৰ ওলোৱাৰ পাছতে মৰাণ সমষ্টিত বহু কেইজন নেতাই সমষ্টিৰ গাওঁসমূহত দলীয় কাম কাজ কৰা পৰিলক্ষিত হৈছে ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি পৰিচিত ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ নাম মৰাণত দলীয় কৰ্মী সকলৰ মাজত বিশেষ চৰ্চাত আছে । নেতাজনে সমষ্টিৰ দলীয় কৰ্মীৰ লগতে মৰাণৰ বিশিষ্ট ব্যক্তি সকলক সাক্ষাৎ কৰি নিজৰ দলীয় ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
মৰাণত বিজেপি দলৰ পৰা বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই টিকট পোৱাৰ আশাত সমষ্টিত প্ৰচাৰত ব্যস্ত আছে যদিও পুনৰ বিধায়ক হোৱা আশা এৰি দিয়া নাই বিধায়ক চক্ৰধৰ গগৈয়ে । অৱশ্য়ে দলৰ ভিতৰুৱা খবৰ অনুসৰি বিধায়ক জনৰ কামকাজক লৈ দলীয় নেতৃত্ব একেবাৰে সুখী নহয় । ইয়াৰ ওপৰিও আৰ এছ এছ (RSS) তালিকাৰ পৰাও চক্ৰধৰ গগৈৰ নাম কাট খাইছে বুলি খবৰ ওলাইছে সমষ্টিত ।
বিধায়ক জনে ১৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে আৰ এছ এছত যোগদান কৰিছিল যদিও বিধায়ক হোৱাৰ পাছতে তেওঁ সমষ্টিৰ কোনো সংঘৰ কৰ্মীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে । মৰাণৰ জ্যেষ্ঠ বিজেপি কৰ্মী সকলকো বিধায়ক জনে বিভিন্ন ধৰণে অপমানিত কৰাৰ লগতে অৱহেলা কৰাৰ অভিযোগ আছে ।