ডিব্ৰুগড়, 20 অক্টোবৰ:সোমবাৰে ১১৫ নং মৰাণ সমষ্টিৰ অন্তৰ্গত কুটুহা পঞ্চায়তৰ অধীনৰ ১০ ঘৰীয়া কৈৱৰ্ত গাঁৱত শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ নিৰ্মাণৰ কাম উদ্বোধন কৰা হয় ৷ মহামন্দিৰ নিৰ্মাণৰ কাম উদ্বোধন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । উক্ত অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈক শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰৰ ভকত বৈষ্ণৱ সকলে খোল, তাল-শংখ আদিৰ ধ্বনিৰে মাংগলিক ধ্বনি উচ্চাৰিত কৰি আদৰণি জনায় । অসম দৰ্শন আঁচনিৰ অধীনত উক্ত মন্দিৰ নিৰ্মাণ কৰা হৈছে বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ।
জকাইত শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ নিৰ্মাণৰ উদ্বোধনী অনুষ্ঠান - কৈৱৰ্ত গাঁও
জকাইত শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ নিৰ্মাণৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ ৷
![জকাইত শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ নিৰ্মাণৰ উদ্বোধনী অনুষ্ঠান construction of Sri sri prashiddha mahamandir starts in Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9240018-921-9240018-1603164927287.jpg)
জকাইত শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ নিৰ্মাণৰ উদ্বোধনী অনুষ্ঠান
উক্ত অনুষ্ঠানৰ আঁত ধৰে কুটুহা পঞ্চায়তৰ কাউঞ্চিলাৰ দীন বৰা আৰু আদৰণি ভাষণ প্ৰদান কৰে ৰমেন দাসে। অনুষ্ঠানত উপস্থিত থাকে কুটুহা পঞ্চায়তৰ সভানেত্ৰী সুমন মেছ দিহিঙীয়া, ৰজীভেটা পঞ্চায়তৰ সভাপতি চঞ্জিত হাজৰিকাৰ লগতে বহু গণ্য-মান্য ব্যক্তি ।
অন্য এক খবৰৰ বাবে:সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!