ডিব্ৰুগড়,11 অক্টোবৰ:তীব্ৰ গতিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ ফলত মাইজানৰ নগাঘুলী কছাৰীলাইনত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে ভয়ংকৰ খহনীয়া (Brahmaputra embankment erosion in Dibrugarh) । এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে স্থানীয় ৰাইজে । হাজাৰ হাজাৰ শ্ৰমিকৰ শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে মাইজানবাসী ৰাইজে ।
ইতিমধ্যে ৯০শতাংশ সুৰক্ষা বান্ধৰ মাটি নদীয়ে উটুৱাই লৈ গৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে(Erosion in Dibrugarh) । ইতিমধ্যে ২০০ মিটাৰ ভূমি যোৱা তিনি দিনত জাহ গৈছে বৰলুইতৰ বুকুত । সেয়েহে মাইজান আৰু গ্ৰীণউদ বাগিচা বন্ধ কৰি শ্ৰমিকে শ্ৰমদান কৰি ব্যষ্ট হৈ পৰিছে মথাউৰি নিৰ্মাণত(Construction of embankment by tea workers) ।
উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ । মাইজান মথাউৰিৰ এটা অংশ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছতহে গা লৰিছে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ ।
Erosion in Dibrugarh: ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ কালৰূপ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল নদীৰ এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় বিমান বন্দৰ, অসম চিকিৎসা মহাবিদ্যালয়ৰৰ লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচা তথা বহু সংখ্যক চাহ উদ্যোগলৈ । এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে ভয়ংকৰ বিপদত পৰিব ডিব্ৰুগড় চহৰৰ ৰাইজ । যাৰ বাবে এতিয়া খহনীয়া ৰোধৰ বাবে দেহে কেহে লাগিছে মাইজানবাসী ।
উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া । কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । কোনো কোনো প্ৰান্তত চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই খহনীয়াগ্ৰস্ত ৰাইজে নৈ পাৰতে পূজা-পাতলৰ ব্যৱস্থা কৰাও দেখিবলৈ পোৱা গৈছে ।
কেৱল ব্ৰহ্মপুত্ৰই নহয় সোৱণশিৰি নদীয়েও কালৰূপ ধাৰণ কৰিছে লখিমপুৰত । লখিমপুৰৰ ঘনচৰাইত জলসম্পদ বিভাগে এমাহ জোৰা প্ৰচেষ্টাৰ পাছতো ঘনচৰাইৰ মথাউৰি ৰক্ষা কৰিব নোৱাৰাত সোৱণশিৰিৰ পাৰত মহিলাসকলে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় । ইমানৰ পাছতো ৰাজ্যৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কেতিয়া সু-ব্যৱস্থা কৰিব সেয়া জনতাৰ বাবে লাখটকীয়া প্ৰশ্ন ।
লগতে পঢ়ক:ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ