ডিব্ৰুগড়, 24 ডিচেম্বৰঃঅসম প্ৰদেশ কংগ্ৰেছে শদিয়াৰ পৰা আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে বিয়লি এই যাত্ৰাৰ সমদল টিংখাঙত উপস্থিত হয় । এই জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তণ মন্ত্ৰী এটোৱা মুণ্ডা, বিৰিঞ্চি নেওঁগকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।
শদিয়াৰ পৰা টিংখাঙ পালেহি কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা
অসম প্ৰদেশ কংগ্ৰেছে সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি শদিয়াৰ পৰা এক অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাৰ আৰম্ভ কৰিছিল ৷ মঙলবাৰে এই প্ৰতিবাদী সমদল টিংখঙত উপস্থিত হয় ৷
অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা
লগতে পঢ়ক - ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন