অসম

assam

ETV Bharat / state

কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থাকিব কংগ্ৰেছৰ প্ৰতিবাদঃবিকাশ উপাধ্যায়

কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইন কংগ্ৰেছে কোনোদিন সমৰ্থন নকৰে আৰু এই আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ হোটেল লিটল পেলেচত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়ে ৷

congress-press-meet-at-dibrugarh
কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থাকিব কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jan 18, 2021, 7:08 AM IST

ডিব্ৰুগড়,18জানুৱাৰী:মই টিংখং গৈছিলো ৷ তাত এগৰাকী কন্যাৰ লগতে এগৰাকী বোৱাৰীক দুষ্কৃতিকাৰীয়ে ধৰ্ষণ কৰি হত্যা কৰিলে ৷ কিন্তু সেই ঘটনাৰ বহু দিন পাৰ হোৱাৰ পিছতো আৰক্ষী বিভাগে আজিকোপতি কোনো এজন ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল ৷ যদি শীঘ্ৰে আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি ৰাজপথলৈ ওলাই আহিম ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ হোটেল লিটল পেলেচত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়ে ৷

কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থাকিব কংগ্ৰেছৰ প্ৰতিবাদ

ইপিনে উপাধ্যায়ে কৃষি আইনৰ সন্দৰ্ভত মন্তব্য কৰি কয়,কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইন ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিন সমৰ্থন নকৰে আৰু এই আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব ৷ কৃষি আইনে কৃষক সমাজক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি কংগ্ৰেছ দল সদায়ে কৃষকৰ লগত থাকিব বুলি মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদকগৰাকীয়ে ৷

আনহাতে,আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত সম্পাদকগৰাকীয়ে কয়, বিধানসভা নিৰ্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে কোনো দলৰ সৈতে মিত্ৰতা হ'লে আসনক লৈ পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব ৷

লগতে পঢ়কঃসোমবাৰে অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা

ABOUT THE AUTHOR

...view details